'ৰাজেন ফুকন ফুটবল প্ৰতিযোগিতা'ত দীঘলী চাহ বাগিচা চূড়ান্ত বিজয়ী

'ৰাজেন ফুকন ফুটবল প্ৰতিযোগিতা'ত দীঘলী চাহ বাগিচা চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ, গোলাঘাট: চাংপুল ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰয়াত শিক্ষাবিদ ৰাজেন ফুকন সোঁৱৰণি প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে ফাইনেল খেলত দীঘলী চাহ বাগিচাই ৱাটিং চাহ বাগিচাক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷

ইয়াৰ পূৰ্বে প্ৰয়াত শিক্ষাবিদ ৰাজেন ফুকনৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বালন কৰে শিক্ষাবিদ পোনাৰাম শইকীয়াই৷ এই অনুষ্ঠানত উপস্থিত থাকে ধনশিৰি মহকুমা ক্ৰীড়া সন্থাৰ সম্পাদক পৰমানন্দ লাহন, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপেন বৰা , ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক অৱণী শৰ্মা, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা ধনশিৰি মহকুমাৰ এছ ডিচি মনোজ কুমাৰ দলে, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য মাধু্ৰ্য শইকীয়া , ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক মিন্টু গগৈ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া।

দেওবাৰে ফুটবল খেলৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক লাভ কৰা নয়নমনি শইকীয়া লাকী দাস আৰু বঞ্জৰ মেডেল প্ৰাপ্ত সুনিত লিম্বুক ধনশিৰি মহকুমা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিপুলভাবে সম্বৰ্দ্ধনা জনোৱাৰ লগতে নগদ ১০হাজাৰ টকাকৈ প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে কমনৱেলথ গেমছত ল'নবলত সোণৰ পদক লাভ কৰা খেলুৱৈ নয়নমনি শইকীয়া আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় দীঘলী চাহ বাগিচাৰ সুদীপ থাপা ৷

'ৰাজেন ফুকন ফুটবল প্ৰতিযোগিতা'ত দীঘলী চাহ বাগিচা চূড়ান্ত বিজয়ী
জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীৰ ষট্ পূঁজাত ভক্তৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in