বিশিষ্ট সমাজসেৱী, অৱসৰী অধীক্ষক ৰুক্মিণী ভাগৱতীৰ দেহাৱসান...

বিশিষ্ট সমাজসেৱী, অৱসৰী অধীক্ষক ৰুক্মিণী ভাগৱতীৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজসেৱী, অৱসৰী অধীক্ষক ৰুক্মিণী ভাগৱতীৰ দেহাৱসান...

বিশিষ্ট সমাজসেৱী, অৱসৰী অধীক্ষক ৰুক্মিণী ভাগৱতীৰ দেহাৱসান...

ডিজিটেল সংবাদ বৰভাগঃ বৃহত্তৰ বৰভাগৰ এগৰাকী জেষ্ঠ নাগৰিক, সমাজসেৱী , ৰাজ্যৰ হস্ত-তাঁত বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ৰুক্মিণী ভাগৱতীৰ( ৮৯)আজি পুৱা ১০-৪৫ বজাত কহাঁৰঝাৰৰ নিজ গৃহত বাৰ্ধক্যজনিত ৰোগত পৰলোক প্ৰাপ্তি হয়। বৰকুলহাটী গাঁৱৰ কহাঁৰঝাৰ চুবুৰীত কৃষ্ণনাথ ভাগৱতীৰ ঔৰষ আৰু সত্যৱতী ভাগৱতীৰ গৰ্ভত জন্মগ্ৰহণ কৰা প্ৰয়াত ভাগৱতীয়ে ঐতিহ্যমণ্ডিত বৰভাগ হায়াৰ চেকেণ্ডেৰীৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱন পৰিক্ৰমা আৰম্ভ কৰে।

Advertisment

পৰৱৰ্তী পৰ্যায়ত নলবাৰীত কলেজীয়া শিক্ষা গ্ৰহণৰ পিছত ৰাজ্যৰ হস্ত -তাঁত বিভাগত যোগদান কৰে। কৰ্তবনিষ্ঠাৰে উক্ত বিভাগৰ অধীক্ষক পদত আসীন হৈ ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰে।

কৰ্মজীৱনত গুৱাহাটী, হোজাই, আদি বিভিন্ন স্থানত চাকৰি কৰিছিল যদিও কংক্ৰীট মহানগৰৰ মোহ ত্যাগ কৰি গাঁৱত স্থায়ীভাৱে থাকিবলৈ লয় আৰু বিভিন্ন সামাজিক, সাংস্কৃতিক কৰ্মত জড়িত হৈ পৰে। কহাঁৰঝাৰ দৌল উৎসৱৰ সভাপতি, অৰ্জুনদেৱ নামঘৰৰ সভাপতি আদি দায়িত্ব পালন কৰিছিল।

বিশিষ্ট নাট্যকাৰ, সাহিত্যিক, প্ৰয়াত সুৰেন ভাগৱতীৰ পাঁচ গৰাকী ভাতৃৰ ভিতৰত এখেত আছিল দ্বিতীয় ভাতৃ। মৃত্যুৰ সময়ত পুণ্যাত্মা গৰাকীয়ে পত্নী, তিনি পুত্ৰ আৰু তিনিজনী বিবাহিতা কন্যা সমন্বিতে জোঁৱাই, নাতি, নাতিনী এৰি থৈ যায়।

Also Read: ৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...

বৰভাগ