হাজো-দৌলাশাল পথত ভয়াৱহ দুৰ্ঘটনা : থিতাতে নিহত ১জন

হাজো-দৌলাশাল পথত ভয়াৱহ দুৰ্ঘটনা : থিতাতে নিহত ১জন

ডিজিটেল সংবাদ, দৌলাশালঃ হাজো-দৌলাশাল পথৰ মুকালমুৱাৰ কাপলাবড়িত বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ যাত্ৰী কঢ়িওৱা অল্টো বাহন আৰু কাঠ কঢ়িয়াই নিয়া ই-ৰিস্কাৰ ভয়ংকৰ সংঘৰ্ষত এগৰাকী ৫০ ঊৰ্দ্ধৰ ব্যক্তি থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷

কাপালবড়ি চ'ক বজাৰৰ ওচৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত ই-ৰিস্কাৰ আৰোহী মমতাজ আলীয়ে (৫৬) ঘটনাস্থলীতে প্ৰাণ হেৰুৱাৰ লগতে ই-ৰিস্কাৰ চালক গুলচান আলী (৩৬) গুৰুতৰভাৱে আহত হয়। বৰ্তমান চালক গুলচান আলী বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

প্ৰাপ্ত খবৰ অনুসৰি মুকালমুৱা দিশৰ পৰা দৌলাশাল দিশে গৈ থকা ই-ৰিস্কা বাহনখনক একেদিশৰ পৰা আহি থকা এ.এছ-০১ এফএইচ-১৭২৭ নম্বৰৰ অল্টো বাহনখনে পিছফালৰ পৰা মহতিয়াই নিয়ে ৷ ফলত ই-ৰিস্কাৰ আৰোহী মমতাজ আলীয়ে উক্ত স্থানতে মৃত্যুক সাবটি লয় ৷

অন্যহাতে ই-ৰিস্কাৰ চালক গুলচান আলীক স্থানীয় একাংশ লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰউদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

দুৰ্ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ মমতাজ আলীৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ তদুপৰি দুৰ্ঘটনাগ্ৰস্থ অল্টো বাহনসহ ই-ৰিস্কাখন দৌলাশাল আৰক্ষী চকীলৈ লৈ যোৱা হয় ৷

দুৰ্ঘটনাটোত অল্টো বাহনখনৰ কোনো লোক হতাহতি হোৱা নাই যদিও বাহনখনৰ সন্মুখভাগৰ বিস্তৰ ক্ষতিসাধন হয় ৷ দুৰ্ঘটনাটোত নিমিষতে প্ৰাণ হেৰুওৱা বৰক্ষেত্ৰীৰ কলতলি চৰৰ মমতাজ আলীয়ে দৌলাশাল চ'ক বজাৰত দা, কটাৰীৰ ক্ষুদ্ৰ ব্যৱসায় চলাই আহিছিল ৷

মমতাজ আলীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, কন্যা-জোঁৱাই, নাতি-নাতিনীক ইহ- সংসাৰত এৰি থৈ যায় ৷ ইপিনে চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজি থকা গুলচান আলীৰ ঘৰ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱত বুলি জানিব পৰা গৈছে ৷

হাজো-দৌলাশাল পথত ভয়াৱহ দুৰ্ঘটনা : থিতাতে নিহত ১জন
ঢকুৱাখনাত অগপৰ বিধান পৰিষদৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in