নলবাৰীত সদ্য অৱসৰী অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তীক সম্বৰ্ধনা

'আমি ভাল মানুহক শ্ৰদ্ধা মৰম কৰিব লাগিব। সমাজত বিশ্বাসযোগ্যতা মানুহৰ সংখ্যা কমিছে। সকলোৱে ভালপোৱা মানুহৰ সংখ্যাও হ্ৰাস পাইছে। সেইদৰে নিৰপেক্ষ মানুহৰ অভাৱ হৈছে। উপযুক্ত মানুহক সমাজত উপযুক্ত স্বীকৃতি দিয়া উচিত।'

author-image
Asomiya Pratidin
New Update
নলবাৰীত সদ্য অৱসৰী অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, নলবাৰীঃ 'আমি ভাল মানুহক শ্ৰদ্ধা মৰম কৰিব লাগিব। সমাজত বিশ্বাসযোগ্যতা মানুহৰ সংখ্যা কমিছে। সকলোৱে ভালপোৱা মানুহৰ সংখ্যাও হ্ৰাস পাইছে। সেইদৰে নিৰপেক্ষ মানুহৰ অভাৱ হৈছে। উপযুক্ত মানুহক সমাজত উপযুক্ত স্বীকৃতি দিয়া উচিত।' -এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ড° অৱনী কুমাৰ ভাগৱতীৰ ।

Advertisment

বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা নলবাৰী জিলাৰ মদনমোহন সখোৱা গাঁৱৰ সন্তান ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীক শুকুৰবাৰে নলবাৰী ছহিদ ভৱন বাকৰিত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° ভাগৱতীয়ে অধ্যক্ষৰ চকীখন আজিও সমাজৰ সন্মানীয় আৰু উচ্চ আসন বুলি মন্তব্য কৰে। অধ্যক্ষৰ আসনৰ পৰা ৩৪ বছৰীয়া শিক্ষাৰ গৌৰৱময় পৰিক্ৰমাৰে সদ্য অৱসৰ লোৱা ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীক শুভেচ্ছা জ্ঞাপন কৰি বিশিষ্ট শিক্ষাবিদ ড° ভাগৱতীয়ে ৰাইজৰ পক্ষত থাকি, দুৰ্বলজনৰ পক্ষত কাম কৰি যাবলৈ আহ্বান জনায় ।

বিশিষ্ট শিক্ষাবিদ ড° অৱনী কুমাৰ ভাগৱতী
বিশিষ্ট শিক্ষাবিদ ড° অৱনী কুমাৰ ভাগৱতী

ভাষণত ড° ভাগৱতীয়ে কয়- সমাজত মূলধন টকা-পইচাই নহয়, সততা-বিশ্বাসযোগ্যতাহে আচল মূলধন । ছহিদ ভৱন বাকৰিত বিয়লি নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটিৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ নেতা অক্ষয় ডেকাই ।

সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটিত নলবাৰী কলেজৰ হৈ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰী আৰু শিক্ষক গোট , নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ বসন্ত কলিতা,কলেজ শিক্ষক সন্থাৰ নলবাৰী মণ্ডলৰ ড° বিপ্লৱ ডেকা, অনন্ত ৰাজবংশী, নৱ ডেকা,অৱসৰী কলেজ শিক্ষক সন্থাৰ হৈ বৰভাগ কলেজৰ অৱসৰী অধ্যক্ষ ফনীধৰ ডেকা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ হৈ সভাপতি নিৰোজ উদ্দিন আহমেদ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন কলিতা, উপ সভাপতি দিগন্ত ভৰালী,উপদেষ্টা গুণজ্যোতি পাঠক,সদৌ অসম ছাত্ৰ সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলাৰ সভাপতি নিৰোদ দাস, কেন্দ্ৰীয় নেতা মনোৰাম কলিতাক সম্বৰ্ধনা জনায়।

ইয়াৰোপৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্ট , জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী,সাধাৰণ সম্পাদক কেশৱ ডেকা , কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি আক্ৰাম হুছেইন,জিলা উশ্বু সন্থাৰ সম্পাদক সুভাষ মেধি, জিলা হাইস্কুল সন্থা , মাধ্যমিক শিক্ষক সন্থা,পূৰ্বভাৰতীৰ হৈ প্ৰমোদ তালুকদাৰ,'অসম টাইম'ৰ হৈ মুখ্য সম্পাদক এম মহিবৰ ৰহমান,পৰিচালন সম্পাদক কমলেশ শৰ্মা, প্ৰদেশ সাংবাদিক সন্থা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ বিশাল বিক্ৰম চৌধুৰী,ভবেশ ডেকা,হৰিমন্দিৰ সমিতি,অসম সাহিত্য সভাৰ প্ৰচাৰ সমিতিৰ সদস্য শ্বাহ আলম আহমেদ,জনগোষ্ঠী ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা,নিউক্লিয়াছ একাডেমী আদিকে ধৰি অৰ্ধ-শতাধিক দল-সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট নাগৰিকে সম্বৰ্ধনা জনায় ।

অনুষ্ঠানত বৰনগৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জগদীশ শৰ্মা,অধ্যাপক ৰেজাউল কৰিম আহমেদেও উপস্থিত থাকি ভাষণ প্ৰদান কৰে। শেষত অৱসৰী অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে মনৰ অনুভৱ ব্যক্ত কৰি নলবাৰীৰ সমাজ জীৱনত দায়বদ্ধতা আৰু সক্ৰিয়তাৰে কাম কৰিবলৈ উৎসাহ যোগোৱা বুলি উল্লেখ কৰে।

Also Read: ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ পৰিভ্ৰমী পক্ষীৰ আগমণ

nalbari