গীত-মাত-কথাৰে পাৰ্বতী প্ৰসাদক স্মৰণ নলবাৰী জিলা সাহিত্য সভাৰ...

শিল্পী উমেশ দত্তৰ কথা আৰু সুৰৰ যাদুত সন্মোহিত গুণমুগ্ধ

author-image
Asomiya Pratidin
New Update
গীত-মাত-কথাৰে পাৰ্বতী প্ৰসাদক স্মৰণ নলবাৰী জিলা সাহিত্য সভাৰ...

গীত-মাত-কথাৰে পাৰ্বতী প্ৰসাদক স্মৰণ নলবাৰী জিলা সাহিত্য সভাৰ...

ডিজিটেল সংবাদ নলবাৰী: চিৰাচৰিত পৰম্পৰাৰ বিপৰীতে কিছু ব্যতিক্ৰম চিন্তাৰে আজি নলবাৰী জিলা সাহিত্য সভাই স্মৰণ কৰে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতিদিৱস। কথামালিকা আৰু গীতৰ ছন্দোবদ্ধ লহৰত কাব্যমধুৰ হৈ পৰে লিটিল ফ্লাৱাৰ স্কুলৰ প্ৰাংগন ।

Advertisment

অসমৰ স্বনামধন্য গীতিকাৰ, কবি, চলচ্চিত্ৰকাৰ তথা লেখক পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতিদিৱস অইন বেলিৰ দৰে এইবাৰো স্বৰ্ণশাখা লখিমী শাখা সাহিত্য সভাৰ সৌজন্যত আৰু জিলা সাহিত্য সভাৰ উদ্যোগত নলবাৰী লিটিল ফ্লাৱাৰ স্কুল প্ৰাংগনত আজি আবেলি আয়োজন কৰা হৈছিল। বিশিষ্ট সাহিত্যিক, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড০ লীনা ডেকাই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জনতাৰ শিল্পী, দৰদী কণ্ঠৰ অধিকাৰী উমেশ দত্তই তেওঁৰ বাক মাধুৰ্য আৰু সুৰীয়া কণ্ঠৰে মন্ত্ৰমুগ্ধ কৰে উপস্থিত শ্ৰোতাক।

পাৰ্বতী প্ৰসাদৰ জীৱনৰ দীঘ আৰু বাণিৰ দিশ ফহিয়াই তেওঁ কয় সুৰৰ যাদুকৰ আছিল পাৰ্বতী প্ৰসাদ। আধুনিক গীতি সাহিত্যক আধুনিকতাৰ পৰশৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত তেওঁৰ আছিল অবিস্মৰণীয় অৱদান। জ্যোতিপ্ৰসাদৰ সমবয়সী পাৰ্বতী প্ৰসাদৰ জীৱনৰ সাৰ্থকতা এয়ে যে, প্ৰকৃতিৰ ৰূপ-ৰস-ৰঙৰ বাংময় গাথা নান্দনিক ভাবে বৰ্ণনা কৰিছে গীতৰ গভীৰ ভাষাত ।

এই মন্তব্য আগবঢ়ায় বিশিষ্ট সংগীতজ্ঞগৰাকীয়ে '"কিনো পখীয়ে পুৱতি ......নিশা হ'ল পৰভাত" শীৰ্ষক গীতটি গাই সমগ্ৰ পৰিৱেশটোৱে সলনি কৰি পেলায়। গুণগ্ৰাহী শ্ৰোতাৰ হাত চাপৰিত ৭৫ বছৰীয়া শিল্পীগৰাকী আৱেগিক হৈ উচুপি উঠে ।

জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁতধৰা আৰু লখিমী শাখা সাহিত্য সভাৰ সম্পাদক শশীন্দ্ৰ শৰ্মাই উদ্দেশ্য উপস্থাপন কৰা স্মৰণ সভাত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি যশস্বী নাট্যকাৰ, সাংবাদিক তথা লখিমী শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মাই পাৰ্বতী প্ৰসাদ বৰুৱাক বসুধাৰ মানস পুত্ৰ বুলি অভিহিত কৰে।

তেওঁ আকৌ কয় " পৃথিৱীৰ শস্য সোণোৱালী পথাৰ, লুইতৰ বহল বক্ষৰ বালিচৰত নাৱৰীয়াৰ বালিভাত, গৰখীয়াৰ বাঁহীৰ সুৰ এই সকলোবোৰ সপোন সপোন লগা কথা আমি পাৰ্বতী প্ৰসাদৰ মাজতে উপলব্ধি কৰো।" বিশিষ্ট সাংবাদিক জিতেন শৰ্মাই লখিমী শাখা আৰু জিলা সাহিত্য সভাৰ এই উদ্যোগক শলাগ লৈ তেওঁৰ ভাষণত কয় "পাৰ্বতী প্ৰসাদ আছিল ৰাইজৰ শিল্পী। সৰু মানুহৰ অন্তৰ বুজা কবি।''

ইফালে সভাপতিৰ ভাষণত ড০ লীনা ডেকাই গীতিকবিগৰাকীৰ সাহিত্যিক চেতনাৰে সিঁচৰতি হৈ থকা ধ্বনি আৰু ছন্দৰ প্ৰভাৱিত সৌন্দৰ্যৰ বৰ্ণনা কৰে । তেওঁ আকৌ আজিৰ দিনটোত স্মৃতি ৰোমন্থন কৰে মহান ব্যক্তিত্ব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কৃষ্ণকান্ত সন্দিকৈ আৰু সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ।

সভাৰ আৰম্ভণিতে বিনু দেৱীয়ে বংশীবাদনৰে মংগলাচৰণ কৰা অমৃতময় লগ্নত নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি লক্ষ্মী পাটোৱাৰীয়ে পাৰ্বতী প্ৰসাদৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে আৰু বন্তি প্ৰজ্বলন কৰে লখিমী শাখা সাহিত্য সভাৰ উপ-সভাপতি খগেন্দ্ৰ নাথ বৈশ্যই।

অনুষ্ঠানত পাৰ্বতী প্ৰসাদৰ গীত পৰিৱেশন কৰে শিল্পী মৃদুস্মিতা মেধি, চুনুমা বৈশ্য আৰু শেৱালী কাকতিয়ে। প্ৰদীপ বৈশ্য আৰু উৎপল শৰ্মাৰ নেতৃত্বত নলবাৰী জিলা সাহিত্য সভাৰ মহিলা শিল্পী সকলে আৰম্ভণিতে চিৰ চেনেহী মোৰ আৰু শেষত অসম সংগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বঢ়োৱাত সক্ৰিয়ভাৱে সহায় কৰে।

Also Read: উৰিয়ামঘাটত বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সজাগতা সভা...

নলবাৰী জিলা সাহিত্য সভা