উৰিয়ামঘাটত বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সজাগতা সভা...

খাদ্য বিষক্ৰিয়া, সাপে খুঁটা আৰু কুকুৰে কামোৰাৰ পিছত ল'ব লগীয়া সাবধানতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস
উৰিয়ামঘাটত বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সজাগতা সভা...
উৰিয়ামঘাটত বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সজাগতা সভা...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ গোলাঘাট জিলা খাদ্য সুৰক্ষা বিভাগৰ উদ্যোগত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘট কৰৈঘাট গাঁও পঞ্চায়তৰ পেক্ষাগৃহত সজাগতামূলক সভা অনুষ্ঠিত হয়। ৰাজ্যত ভিন্ন সময়ত বিষাক্ত কাঠফুলা খাই বহুজন লোকে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনা সংঘটিত হৈ আহিছে ৷

বিগত কেইদিনমাৰ পূৰ্বে গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত বিষাক্ত কাঠফুলা সেৱন কৰি দুটা পৰিয়ালৰ ৮ জনকৈ লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল। খাদ্য সুৰক্ষা বিভাগে গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ কৰৈঘাট পঞ্চায়তত বিষাক্ত কাঠফুলা সেৱন বন্ধ কৰাৰ লগতে অন্যান্য খাদ্যৰ পৰা হ'ব পৰা খাদ্য বিষক্ৰিয়া, সাপে খুঁটা আৰু কুকুৰে কামোৰাৰ পিছত ল'ব লগীয়া সাবধানতা বিষয় সন্দৰ্ভত ৰাইজৰ মাজত সজাগতামূলক বক্তব্যৰে সভা অনুষ্ঠিত কৰে। উপস্থিত থাকে গোলাঘাট জিলা খাদ্য সুৰক্ষা বিষয়া শ্যামলী কলিতা।

উৰিয়ামঘাটত বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সজাগতা সভা...
কামপুৰ মাজৰআটিৰ এজন লোক সন্ধানহীন হৈ থকাত চাঞ্চল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in