গোপালথান মন্দিৰৰ পুনৰ্নিমাণ আৰু শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন

অন্তৰ শুদ্ধ মানুহৰ হৃদয়ত ঈশ্বৰ বাস কৰে : গনেশ তামুলী
গোপালথান মন্দিৰৰ পুনৰ্নিমাণ আৰু শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন

ডিজিটেল সংবাদ, নলবাৰীঃ "অন্তৰ শুদ্ধ মানুহৰ হৃদয়ত ঈশ্বৰ বাস কৰে । ঈশ্বৰক কিবা দিয়াৰ সামৰ্থ মানুহৰ নাই । ঈশ্বৰহে বিশ্ব ব্ৰহ্মাণ্ডৰ দাতা।" এই মন্তব্য বিশিষ্ট সমাজসেৱী , নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ গনেশ তামুলীৰ।

বুধবাৰে নলবাৰী জিলাৰ চান্দকুছি গোপালথানত শ্ৰী শ্ৰী গোপাল মন্দিৰৰ পুনৰ নিৰ্মাণৰ দ্বাৰ উৎঘাটন আৰু বাসুদেৱ কৃষ্ণৰ মাৰ্বলৰে নিৰ্মিত মূৰ্তি স্থাপন কৰি সুবক্তা তামুলীয়ে পুণৰ কয় জন্মভূমিক পাহৰি যোৱা মানুহ বিধৰ্মী পাপাচাৰী । ভগৱানে আমাক জন্ম দিছে পিতৃ মাতৃ আৰু জন্মভূমিৰ সেৱা কৰিবলৈ । সেয়েহে আমি সকলোৱে তন,মন ভাৱনাৰে সমৰ্পিত চেতনাৰে এই কাৰ্যত জড়িত হোৱা উচিত।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই সভাপতিত্ব কৰা আৰু অখিল ডেকা , দ্বিজেন দাসে আঁত ধৰা সভাখনত গোপাল থান পলিটেকনিকেল ইনষ্টিটিউশ্যনৰ প্ৰধান শিক্ষক ৰূপকুমাৰ শৰ্মা, গংগা পুখুৰী বৰকুৰিহা হাইস্কুলৰ প্ৰধান শিক্ষক কমল কুমাৰ মেধি, বিশিষ্ট শিক্ষাব্ৰতী প্ৰকাশ ডেকা আৰু সমাজসেৱী দীনেশ শৰ্মাই ভাষণ ৰাখি তামুলীৰ বদান্যতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ৮৩ বছৰীয়া শ্ৰী শ্ৰী গোপাল মন্দিৰৰ ঐতিহ্য সমৃদ্ধিশালী যদিও ইয়াৰ পুৰণি মন্দিৰটো ভগ্নপ্ৰায় হোৱাত গনেশ তামুলীয়ে মন্দিৰটো ন ৰূপত সজাই তোলে লগতে বেদীত বাসুদেৱ কৃষ্ণৰ মাৰ্বলৰে নিৰ্মিত মূৰ্তি এটি ৰাজস্থানৰ পৰা আনি বৈদিক প্ৰথাৰে স্থাপন কৰে। সমিতিৰ সভাপতি অমূল্য ডেকা,উপ-সভাপতি কন্দৰ্প তালুকদাৰ , উপদেষ্টা হৰগোবিন্দ ডেকা, প্ৰফুল্ল ডেকা, প্ৰতাপ শৰ্মা আদি কৰ্মকৰ্তা সকলে তামুলীক পিতলৰ জাপি, কাঁহৰ শৰাইৰে অভিনন্দন জ্ঞাপন কৰি কৃতজ্ঞতা প্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in