মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজো-দৌলাশাল পথ

মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজো-দৌলাশাল পথ

ডিজিটেল সংবাদ,দৌলাশাল : হাজো-দৌলাশাল পথৰ ৪নং বৰতলাত শুকুৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই হাজো-দৌলাশাল পথত ক্ষুব্ধ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷

জানিব পৰামতে, বৃহত্তৰ অঞ্চলটোৰ ৪নং বৰতলাৰ মামনি দাস নামৰ মহিলাগৰাকী বিদ্যুৎ বিভাগৰ গাফিলতিত প্ৰাণ হেৰুওৱা বুলি অভিযোগ উত্থাপন কৰে ৷ মহিলাগৰাকীৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে হাজো-দৌলাশাল পথছোৱাত পথ অৱৰোধ কাৰ্যসূচী গঢ়ি তোলে ৷

কেৱল ইমানতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীয়ে মহিলাগৰাকীৰ মৃতদেহ ৰাজপথত ৰাখি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে বিদ্যুতস্পৃষ্ট হৈ মামনি দাস নামৰ মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল ৷

উক্ত দিনা দিনৰ ভাগত ৪নং বৰতলাত থকা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ এটা হঠাতে জ্বলি উঠাত গাঁৱখনত বিপদজনক হৈ উঠিছিল বিদ্যুৎ সেৱা ৷ মুহূৰ্ততে বহুলোকৰ টিভি, ফ্ৰীজ, ইনভাৰ্টাৰ তথা আন আন বৈদ্যুতিক সামগ্ৰী জ্বলি উঠিছিল ৷

সেই সময়তে মামনি দাস নামৰ মহিলাগৰাকীয়ে বিদ্যুতৰ চুইচ বন্ধ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল বুলি উল্লেখ কৰে ৷ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত বৰক্ষেত্ৰীৰ কাৰ্যবাহী দণ্ডাধীশ কৌস্তৱ ৰয় মুকালমুৱা আৰু দৌলাশাল আৰক্ষীৰ স'তে উপস্থিত হয় ৷

বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ ৰয়ে অনাকাংক্ষিত ঘটনাটোৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰীভাৱে কোনো ক্ৰুটি,বিলম্ব নহোৱাকৈ পৰিয়ালটিক চৰকাৰী সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিব বুলিও কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ ৰয়ে মন্তব্য কৰে।

কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে মহিলাগৰাকীৰ নশ্বৰদেহ ৰাজপথৰ পৰা নিজেই কান্ধত কঢ়িয়াই লৈ যায় ৷ তেওঁৰ এনে মহানুভৱতাক অঞ্চলটোৰ ৰাইজে শলাগ লয় ৷

মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজো-দৌলাশাল পথ
চিলাপথাৰত ছাত্ৰৰ ওপৰত শিক্ষকৰ নিৰ্মম প্ৰহাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in