/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/49fd3c26-3123-439a-af4c-36c1910dbc76/2.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত পূব ঢকুৱাখনাত শনিবাৰে কৃষি বিভাগৰ জৰিয়তে উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হয়। কৃষি উন্নয়ন খণ্ডটোৰ অধীনৰ পূব ঢকুৱাখনা ৰেড ৰাইচ ফাৰ্মাৰ প্ৰডিউচ্চাৰ কোম্পানীৰ অন্তৰ্গত মুঠ ২০ টা গোটৰ চহা ৰাইজক উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হয়।
ঢকুৱাখনাৰ কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা, সোনাৰী চাপৰিৰ কৃষি উন্নয়ন বিষয়া অজন্তা গগৈ, কৃষি সম্প্ৰসাৰণ সহায়ক সুশীল বৰুৱা, প্ৰিয়দীপ পেগু, বিজয় বৰুৱা আদি উপস্থিত থাকি মুঠ ৪৪০গৰাকী কৃষকৰ মাজত মুঠ ১৯৫'৫ কুইণ্টল আলুৰ বীজ বিতৰণ কৰা হয়। এপাৰ্ট, এ ডব্লিউ পি-২০২৩-২০২৪ আঁচনিৰ অধীনত বিতৰণ কৰা এই আলুৰ বীজৰ জৰিয়তে কৃষক সকলে প্ৰচুৰ আলু উৎপাদন কৰি আত্মনির্ভৰশীল হোৱাৰ পথ প্ৰশস্ত হব বুলি কৃষি বিষয়া সকলে মত ব্যক্ত কৰি এই খেতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ প্ৰদান কৰে।
Also Read: ভুৱা একাউণ্ট খুলি চৰকাৰী পুঁজি লুটিছে পঞ্চায়তৰ সভাপতি-সচিবে