টিহুৰ বিশিষ্ট বাতৰি কাকত বিতৰক-প্ৰবীণ খেলুৱৈ লক্ষী ডেকাৰ দেহাৱসান

টিহুৰ বিশিষ্ট বাতৰি কাকত বিতৰক-প্ৰবীণ খেলুৱৈ লক্ষী ডেকাৰ দেহাৱসান

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহু অঞ্চলৰ বিশিষ্ট বাতৰি কাকত বিতৰক টিহুৰ খলিহাগুৰি নিৱাসী লক্ষী ডেকাৰ ২৯ জানুৱাৰীৰ আবেলি নিজৰ বাসগৃহত দেহাৱসান হয়। টিহুৰ পুৰণি বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান ভঁৰালী ষ্টোৰৰ পৰিচালক এইগৰাকী লোকৰ বয়স হৈছিল প্ৰায় ৯৩ বছৰ। টিহুৰ মিলিত সংঘৰ ফুটবল দলৰ ৰক্ষণ বিভাগৰ এগৰাকী শক্তিশালী খেলুৱৈ হিচাপে অসমৰ বিভিন্ন খেলপথাৰত খেল প্ৰদৰ্শন কৰি দৰ্শকৰ বাৰুকৈয়ে প্ৰশংসা লভিছিল। তেওঁ টিহুৰ আন বিভিন্ন অনুষ্ঠানৰ সৈতেও জড়িত আছিল।

প্ৰায় এমাহ পূৰ্বে পত্নীৰ মৃত্যু হোৱা এইগৰাকী লোকে ব্যক্তিয়ে ইহ-সংসাৰত দুগৰাকী পুত্ৰ , এগৰাকী কন্যা আৰু ভালেসংখ্যক আত্মীয় স্বজনক এৰি যায়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা টিহু মহকুমা সাংবাদিক সন্থাৰ সভাপতি পংকজ বেজবৰুৱাই লক্ষী ডেকাৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে সমস্ত জীৱন টিহু অঞ্চলত বাতৰিকাকত আৰু আলোচনী বিতৰণ কৰি জ্ঞান বিস্তাৰৰ বাবে অহোপুৰুষাৰ্থ কৰা অতি বিনয়ী, সদালাপী লক্ষী ডেকা ছপা সংবাদ মাধ্যমৰ গতি-প্ৰকৃতি আৰু উত্থান-পতনৰ জীৱন্ত বুৰঞ্জীস্বৰূপ আছিল। বিদ্বৎ সমাজে এইগৰাকী লোকক সদায় স্মৰণ কৰি যাব বুলিও তেওঁ কয়।

তেওঁৰ দেহাৱসানত ভঁৰালী ষ্টোৰৰ পৰিচালক পৰমানন্দ ভঁৰালী, টিহুৰ নৱৰূপা এজেন্সিৰ স্বত্বাধিকাৰ মোহন কলিতা, টিহু মহকুমা সাংবাদিক সন্থা, নলবাৰী জিলা বাৰ্তাজীৱী সংঘ, টিহুৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, মিলিত সংঘ আদি দল সংগঠনৰ প্ৰতিনিধিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

টিহুৰ বিশিষ্ট বাতৰি কাকত বিতৰক-প্ৰবীণ খেলুৱৈ লক্ষী ডেকাৰ দেহাৱসান
মাৰ্ঘেৰিটাত মহকুমাভিত্তিক তৰ্ক প্রতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in