মাৰ্ঘেৰিটাত মহকুমাভিত্তিক তৰ্ক প্রতিযোগিতা

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰী, বিশিষ্ট সাহিত্যক তথা উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ মুখ্য চিকিৎসক ভৃগেশ্বৰ শৰ্মা, মহকুমা নিৰ্বাচনী বিষয়া অদিতি নেওগ, মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱা।

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাত মহকুমাভিত্তিক তৰ্ক প্রতিযোগিতা

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়, মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ উদ্যোগত আৰু উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ সহযোগত সোমবাৰে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহত মাৰ্ঘেৰিটা মহকুমা ভিত্তিত মাষ্টাৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষা অনুষ্ঠান সমূহত ৰাজনীতি নিষিদ্ধ কৰা উচিত শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিখনৰ পৰিচালন কৰে শিক্ষয়িত্ৰী জুনমণি বৰুৱা গগৈয়ে।

Advertisment

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰী, বিশিষ্ট সাহিত্যক তথা উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ মুখ্য চিকিৎসক ভৃগেশ্বৰ শৰ্মা, মহকুমা নিৰ্বাচনী বিষয়া অদিতি নেওগ, মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱা।

শ্ৰেষ্ঠ দল ইৰাণী কলিতা, সন্তোষ দৰ্জী, দ্বিতীয় শ্ৰেষ্ঠ দল কল্লোল বৰা, হিনা বেগম বৰভূঞা, তৃতীয় শ্ৰেষ্ঠ দল নিকিতা লামা আৰু ৰাহুল ভূজেল প্ৰতিযোগিতাখনৰ বঁ‌টা বিতৰণী অনুষ্ঠানৰ আঁ‌ত ধৰে পাৱৈ মণ্ডলৰ কেন্দ্ৰৰ সমন্বয়ক পল্লৱী গগৈয়ে। অনুষ্ঠানত যুৱ সাংবাদিক মানস প্ৰতিম গগৈক সম্বৰ্ধনা জনোৱা হয়। প্ৰতিযোগীতা খনৰ বিচাৰক হিচাপে থাকে মৃদুল দহতীয়া, শুভাষীক গগৈ আৰু অমিত বৰঠাকুৰ।

Also Read: নিজম পৰিল নগাঁও চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ সমন্বয় ক্ষেত্ৰ

Debate Competition MARGHERITA