আজিৰে পৰা আৰম্ভ বৰাক ৰিভাৰ চাফাৰী...

আজিৰে পৰা আৰম্ভ বৰাক ৰিভাৰ চাফাৰী...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা আৰম্ভ বৰাক ৰিভাৰ চাফাৰী...

আজিৰে পৰা আৰম্ভ বৰাক ৰিভাৰ চাফাৰী...

ডিজিটেল ডেস্কঃ বৰাক উপত্যকাৰ দ্বিতীয়টো সমবায় ভিত্তিক  ইক’ টুৰিজিম ব্যৱস্থা হিচাপে আজি শুভ উদ্বোধন কৰা হ’ল  বৰাক ৰিভাৰ চাফাৰী। লখিপুৰ ফৰেষ্ট ৰেঞ্জৰ অধীনস্থ জিৰিমুখত এই বৰাক ৰিভাৰ চাফাৰী শুভ উদ্বোধন কৰে বিধায়ক কৌশক ৰয়ে।

Advertisment

উদ্বোধনী অনুষ্ঠানত বিধায়কগৰাকীয়ে সমবায় ইক’ টুৰিজিমৰ গুৰুত্বসমূহৰ বিষয়ে উল্লেখ কৰি ইয়াৰ পৰা সমাজ আৰু বনাঞ্চলৰ উপকাৰিতা সম্পৰ্কে মন্তব্য আগবঢ়ায়। উল্লেখ্য বৰাক ৰিভাৰ চাফাৰী আজিৰে পৰা পৰ্যটকসকলৰ বাবে  মুকলি হৈছে।

পৰ্যটকসকলে www.visitBorail.org অথবা ৬৯০১৯৫৪০৯১ নম্বৰত যোগাযোগ কৰিব পাৰিব। এই ৰিভাৰ চাফাৰীৰ আৰম্ভণি হ’ব লখিপুৰ ফৰেষ্ট ৰেঞ্জ অফিচৰ পৰা পুৱা ১০ বজাত।

চাফাৰীয়ে সামৰি ল’ব জিৰি আৰু বৰাক নদী। এই যাত্ৰা হ’ব এক ঘণ্টাৰ।এই একঘণ্টীয়া যাত্ৰাৰ সময়ত জিৰিমুখৰ শান্ত বৰাক নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব।

পৰ্যটকসকলক ঝোৰখাল আৰু কাফাখালা সম্প্ৰদায়ৰ লোকসকলে দুপৰীয়াৰ আহাৰ প্ৰদান কৰিব।  ইয়াৰোপৰি পৰ্যটকসকলে বৰাকত সাঁতুৰিবলৈও সুযোগ লাভ কৰিব।

দুপৰীয়াৰ আহাৰৰ পিছত ক্ৰুজে তেওঁলোকক নাৰায়ণধৰ মন্দিৰলৈ লৈ যাব। মন্দিৰ ভ্ৰমণৰ পিছত দৰ্শনাৰ্থীসকলক লখিপুৰ ৰেঞ্জবন কাৰ্যালয়লৈ অনা হ’ব।

Also Read: আৰক্ষীৰে গুলীয়াগুলীত দুই মাওবাদী নেত্ৰীৰ মৃত্যু...

বৰাক বৰাক ৰিভাৰ চাফাৰী