
ডিজিটেল সংবাদ নলবাৰী : বৰপেটা জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভা 'ভাৰতী অধ্যয়ন চক্ৰ'ৰ উদ্যোগত শনিবাৰে সন্ধিয়া এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সৰ্থেবাৰী সভাৰ খলাৰ ভঁড়ালঘৰত অনুষ্ঠিত সভাখনত 'ভাৰতী অধ্যয়ন চক্ৰ'ৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞাই পৌৰোহিত্য কৰে ।
ভাৰতী অধ্যয়ন চক্ৰৰ সম্পাদক গুণজিৎ চৌধুৰীয়ে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাখন মূলতঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,প্ৰসিদ্ধ ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আয়োজন কৰা হয়।
সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ শৰ্মাই অসম সাহিত্য সভাক ইতিমধ্যে সু-নেতৃত্ব আৰু ব্যক্তিত্বৰে শক্তিশালী কৰি জনমানসত সভাক অধিকভাৱে উজলাই তোলা সৰ্থেবাৰীৰ গৌৰৱ,সুসন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰসিদ্ধ ঔপন্যাসিক হিতেশ ডেকাৰ সাহিত্যকৃতি, জীৱনকৰ্ম আদিৰ বিষয়ে বহলকৈ কয়।
সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে অসম সাহিত্য সভাই উদ্যাপন কৰিবলৈ লোৱা হিতেশ ডেকাৰ জন্ম শতবৰ্ষিকীৰ মূল অনুষ্ঠান সৰ্থেবাৰীত আয়োজনৰ বাবে শাখাখনক যাৱতীয় ব্যৱস্থা ল’বলৈ পৰামৰ্শ আগবঢ়ায়। সভাত বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা সাহিত্য সভাৰ উপ সভাপতি বাণীকান্ত ভূঞা, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা উপস্থিত থাকে।
ইয়াৰোপৰি জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি দাস আদিয়ে ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। সভাত ভাৰতী অধ্যয়ন চক্ৰৰ প্ৰাক্তন সভাপতি মৃণাল মল্ল পাটোৱাৰী, পাৰ্ৱতী পাটোৱাৰী, খৰ্গেশ্বৰ ডেকা, অধৰ চন্দ্ৰ ডেকা, গিৰীশ চন্দ্ৰ ডেকা, উপ সভাপতি বিজয় ডেকা, প্ৰাক্তন সম্পাদক চক্রেশ্বৰ ডেকা, নকুল তালুকদাৰ, পৰেশ ভূঞা, সদস্য তাৰুলতা ডেকা, জিতেন চৌধুৰী, সৰ্থেবাৰী পাঁচ খেলৰ মজুমদাৰ দিগন্ত ডেকা, আহ্বায়ক সুব্ৰত ডেকাকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।