চৰকাৰলৈ তেওঁৰ কোনো আক্ষেপ নাই,বিনা বেতনে অৱসৰগ্ৰহণ এগৰাকী শিক্ষকৰ

চৰকাৰলৈ তেওঁৰ কোনো আক্ষেপ নাই,বিনা বেতনে অৱসৰগ্ৰহণ এগৰাকী শিক্ষকৰ

ডিজিটেল সংবাদ,ওৰাং : শিক্ষাদানৰ দৰে এক মহান কাৰ্যত ব্ৰতী হৈছিল ৰৌতাৰ এগৰাকী শিক্ষক ৷ বহুতৰে শৈক্ষিক জীৱন শিক্ষাৰ পোহৰেৰে আলোকিত কৰিলে তেওঁ ৷ পিছে তাৰ বিনিময়ত তেওঁ চৰকাৰৰ পৰা এটা টকাও লাভ নকৰিলে ৷

সুদীৰ্ঘ ২৭ বছৰ বিনা বেতনে শিক্ষাদান কৰা মহান শিক্ষকগৰাকীৰ নাম জিৎ বাহাদুৰ চেত্ৰী ৷ ১৯৯৬ চনত ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত ৰৌতাৰ ভালুকমাৰী বিদ্যাপিঠ মধ্য ইংৰাজী বিদ্যালয়ত শাখা শিক্ষক হিচাপে যোগদান কৰিছিল।তেওঁলোকৰ শাখা শিক্ষকৰ পদ প্ৰদেশিকীকৰণৰ আশাৰে চৰকাৰৰ দুৱাৰে-দুৱাৰে তাঁত-বাতিকাৰিয়ো সুফল নাপালে ।

শিক্ষকগৰাকীয়ে তৰুণ গগৈ চৰকাৰৰ দিনৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰকাশ কৰে । অৱশেষত সুদীৰ্ঘ ২৭ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি শনিবাৰে দুখ মনে অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ল জিৎ বাহাদুৰ চেত্ৰীয়ে ।

পিছে তেওঁৰ লগত একেলগে ৮ গৰাকী শিক্ষকে বিদ্যালয় খনত যোগদান কৰিছিল । ইয়াৰে ৪ গৰাকী শিক্ষক আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চাকৰি লাভ কৰি দৰমহা পাই আছে যদিও জিৎ বাহাদুৰ চেত্ৰীসহ আৰু দুগৰাকী শিক্ষক চৰকাৰী স্বীকৃতি লাভৰ পৰা আজিও বঞ্চিত হৈ ৰ'ল ।

অৱশ্যে আৰ্থিক অনাটনৰ মাজেৰেই তেওঁলোকে শিক্ষাদান কৰি আছে আৰু শনিবাৰে এক আৱেগিক পৰিৱেশত জিৎ বাহাদুৰ চেত্ৰীয়ে অৱসৰগ্ৰহণ কৰে। তথাপি যেন তেওঁৰ কোনো আক্ষেপ নাই, খং-ক্ষোভ নাই। তেওঁৰ দৰে পেটত গামোচা বান্ধি শিক্ষকতা কৰি থকা সতীৰ্থক প্ৰাদেশিকীকৰণৰ আহ্বান জনাই বিদায় ল'লে জিৎ বাহাদুৰ চেত্ৰীয়ে ।

শিক্ষক জিৎ বাহাদুৰ চেত্ৰীৰ অৱসৰ উপলক্ষে ভালুকমাৰী বিদ্যাপিঠ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। আদৰ্শৱান শিক্ষকগৰাকীক ছাত্ৰ-ছাত্ৰী,সতীৰ্থ শিক্ষক,গাওঁবাসী তথা দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইফালে সমগ্ৰ অসমতে থকা প্ৰায় ১৬০০ অপ্ৰাদেশিকৃত শাখা শিক্ষকৰ পদ প্ৰদেশিকীকৰণৰ আহ্বান জনোৱাৰ লগতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শাখা শিক্ষকসকলক এক কালীন সাহাৰ্য প্ৰদান কৰিবলৈ বঞ্চিত শিক্ষকসকলে দাবী জনায়।

চৰকাৰলৈ তেওঁৰ কোনো আক্ষেপ নাই,বিনা বেতনে অৱসৰগ্ৰহণ এগৰাকী শিক্ষকৰ
কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in