নাৰুৱাৰ পঞ্চগ্ৰাম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

নাৰুৱাৰ পঞ্চগ্ৰাম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ ১ নন্বৰ নাৰুৱাস্থিত পঞ্চগ্ৰাম জাতীয় বিদ্যালয় আৰু পঞ্চগ্ৰাম কলা প্ৰশিক্ষণ কেন্দ্ৰৰ দুুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজিত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ শুকুৰবাৰে সফল সমাপন হয়। এই উপলক্ষে ১ ডিচেম্বৰ নাৰুৱাৰ লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মনোৰঞ্জন বৈশ্যৰ পৌৰোহিত্যত হোৱা  মুকলি সভাত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বশিষ্ঠ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য মণ্ডিত বৰুৱাই , নিৰ্দিষ্ট বক্তা হিচাপে আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে  ভাগ লয়। বিদ্যালয়খনৰ উপাধ্যক্ষ কুলদীপ পাঠকে আঁত ধৰা আৰু সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক তাৰিণী বৰ্মন আৰু বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে আমন্ত্ৰিত অতিথি হিচাপে ভাগ লয়।

বিদ্যালয়খনৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে গীত-মাত, নাচ-নৃত্য পৰিৱেশন কৰি পৰিৱেশ প্ৰাণৱন্ত কৰি তোলে। সন্ধিয়া বঁটা বিতৰণৰ লগতে উদীয়মান যুৱক সংঘৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হয়। অনুষ্ঠানত নাৰুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি উপেন হালৈ, সংবাদকৰ্মী তফিকুৰ ৰহমান,  জয়ন্ত ডেকা আৰু বিতোপন কাকতিয়েও ভাগ লয়।

ইয়াৰ পূৰ্বে পুৱা বিদ্যালয় চৌহদ নিকাকৰণৰ পাছত পঞ্চগ্ৰাম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰাতুল কুমৰ হালৈয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৪গছি বন্তি জ্বলাই ক্ৰমে পঞ্চগ্ৰাম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনন্ত পাঠক, বিদ্যালয়খনৰ শুভানুধ্যায়ী হৰেন দাস, বিহামপুৰ চৰকাৰী বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণেশ্বৰ হালৈ আৰু বিদ্যালয়খনৰ তত্ত্বাৱধায়ক হৃষিকেশ তালুকদাৰে।

ইফালে, পুৱা ভেশছন প্ৰতিযোগিতাৰ পাছতে বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মাজত দিনজোৰাকৈ সংগীত আৰু নাচ, নৃত্য প্ৰতিযোগিতা সম্পন্ন হয়।

নাৰুৱাৰ পঞ্চগ্ৰাম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন
উত্তৰকাশীৰ সুৰংগত ১৭ দিনে আৱদ্ধ হৈ থকাৰ পিচত স্ব-গৃহত উপস্থিত ৰাম প্ৰসাদ নাৰ্জাৰী-সঞ্জয় বসুমতাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in