উত্তৰকাশীৰ সুৰংগত ১৭ দিনে আৱদ্ধ হৈ থকাৰ পিচত স্ব-গৃহত উপস্থিত ৰাম প্ৰসাদ নাৰ্জাৰী-সঞ্জয় বসুমতাৰী

উত্তৰকাশীৰ সুৰংগত ১৭ দিনে আৱদ্ধ হৈ থকাৰ পিচত স্ব-গৃহত উপস্থিত ৰাম প্ৰসাদ নাৰ্জাৰী-সঞ্জয় বসুমতাৰী

ডিজিটেল সংবাদ, কোকৰাঝাৰ: দীৰ্ঘ দিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই স্বস্তিৰ নিশ্বাস এৰি স্ব-গৃত উপস্থিত হৈছে ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী। কোকৰাঝাৰ জিলাৰ দুয়োগৰাকী শ্ৰমিক ১৭ দিনে আৱদ্ধ হৈ আছিল উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগত।

ছিলকিয়াৰা সুৰংগত ১৭ দিনে আৱদ্ধ হৈ থকাৰ পিচত যোৱা ২৮ নৱেম্বৰত উদ্ধাৰ হোৱা কোকৰাঝাৰ ৰামফলবিলৰ ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী অৱশেষত শুকুৰবাৰে স্বগৃহত উপস্থিত হয়। উল্লেখ্য যে, বিগত ৭ মাহ ধৰি স্বগৃহলৈ অহা নাছিল দুয়ো।

গভীৰ উৎকন্ঠা আৰু দুঃশ্চিন্তাৰ অন্ত পেলাই পত্নী,পুত্ৰ, পিতৃ-মাতৃৰ সৈতে মিলিত হ'ল দুই শ্ৰমিক। এই বিৰল দৃশ্যৰ সাক্ষী হ'ল ভালেকেইজন। সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীয়ে। ইফালে দুয়োগৰাকীৰ প্ৰতি জিলা আয়ুক্ত, বিধায়ক,বিটিচিৰ কাৰ্যবাহী সদস্যকে ধৰি বহুসংখ্যক শুভকাংক্ষীয়ে জনাইছে শুভেচ্ছা।

উত্তৰকাশীৰ সুৰংগত ১৭ দিনে আৱদ্ধ হৈ থকাৰ পিচত স্ব-গৃহত উপস্থিত ৰাম প্ৰসাদ নাৰ্জাৰী-সঞ্জয় বসুমতাৰী
বিলাসীপাৰা ৰাস মহোৎসৱত ভক্তৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in