অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ শৰ্মাৰ জন্মদিনত উন্মোচন কৰিলে স্বৰচিত দুখন গ্ৰন্থ

অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ শৰ্মাৰ জন্মদিনত উন্মোচন কৰিলে স্বৰচিত দুখন গ্ৰন্থ

ডিজিটেল সংবাদ,নলবাৰী : অৱসৰপ্ৰাপ্ত শিক্ষক,নলবাৰী জিলাৰ বিল্বেশ্বৰৰ দলৈপাৰা চুবুৰিৰ বাসিন্দা তৰুণ শৰ্মাৰ জন্মদিন উপলক্ষে ২৪ ডিচেম্বৰত তেওঁৰদ্বাৰা ৰচিত দুখন গ্ৰন্থ উন্মোচন কৰা হয়। লেখকগৰাকীৰ বাসগৃহত আয়োজিত এই অনুষ্ঠান অৱসৰপ্ৰাপ্ত শিক্ষক কনক চন্দ্ৰ শৰ্মাই মংগল বন্তি জ্বলাই মুকলি কৰে।

ইয়াৰ পাছতে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীৰ পৌৰোহিত্যত হোৱা গ্ৰন্থ উন্মোচন সভাত তৰুণ শৰ্মা ৰচিত ‘ৰাহু’ নামৰ নাটখনৰ পুথিখন উন্মোচন কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বীৰেন ডেকাই। ‘সমন্বয়’ নামৰ কাব্য পুথিখন উন্মোচন কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দীনমণি ভাগৱতীয়ে।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীপক শৰ্মাই মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে। সভাত নিমন্ত্ৰিত অতিথি হিচাপে শিক্ষাব্ৰতী ৰাজেন বৈশ্য, মনোজ গোস্বামী, পুৰন্দৰ বৰ্মন আৰু দিলীপ ডেকাই ভাগ লৈ শুভেচ্চামূলক ভাষণ দিয়ে। লেখক তৰুণ শৰ্মাই গ্ৰন্থ দুখন লিখাৰ আঁৰৰ চেষ্টা, পৰিকল্পনা, আশা আদি সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে।

সভাখন টিনা দেৱীৰ নেতৃত্বত বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীবৃন্দ ক্ৰমে হিমাশ্ৰী দত্ত, পপি ৰাজবংশী, ৰিম্পী মেধি, অংশিতা কাশ্যপ, নিশা ডেকা, কংকনা ডেকা, নিশিতা বৰ্মন, টিনা দেৱীয়ে পৰিৱেশন কৰা ‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ কৰা হয়। অনুপম গোস্বামীয়ে অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যখ্যা কৰে।

শিক্ষাৰ্থী টিনা দেৱী আৰু হিমাশ্ৰী দত্তই দ্বৈত কণ্ঠত লোকগীত পৰিৱেশনেৰে অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে। লেখকৰ কন্যা, শিক্ষয়িত্ৰী ৰুবী দেৱীয়ে শলাগ জ্ঞাপনেৰে ভৱিষ্যতেও পিতৃৰ জৰিয়তে এনে শুভ অনুষ্ঠান আয়োজনৰ হেঁপাহ থকাৰ বিষয়ে প্ৰকাশ কৰে।

অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ শৰ্মাৰ জন্মদিনত উন্মোচন কৰিলে স্বৰচিত দুখন গ্ৰন্থ
সোনম বাংচুকক 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in