সোনম বাংচুকক 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' প্ৰদান

সোনম বাংচুকক 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' প্ৰদান

ডিজিটেল সংবাদ,কোকৰাঝাৰ : সমাজৰ অৱহেলিত, শোষিত,লাঞ্চিত, বঞ্চিত আৰু নিস্পেষিত জনসাধাৰণৰ ন্যায়, অধিকাৰৰ লগতে সাংস্কৃতিক,শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বিশেষ ব্যক্তিক ইউএনবিটি ন্যাসে প্ৰতিবছৰে প্ৰদান কৰি আহিছে 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা'। এইবেলি ২০ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৰমন মেগছেছে বঁটা বিজয়ী, প্ৰসিদ্ধ অভিযন্তা,উদ্ভাৱক,শিক্ষা সংস্কাৰক লাডাখৰ সোনম বাংচুকক প্ৰদান কৰা হৈছে।

শনিবাৰে উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস চমুকৈ ইউ এন বি টি আৰু এবছুৰ যৌথ উদ্যোগত কোকৰাঝাৰৰ চান্দামাৰীত থকা বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি সোনম বাংচুকলৈ ২০ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হয়। উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাত আছে এখন প্ৰশস্তিপত্ৰ,এড়ী-কোট-চাদৰ,বডোফাৰ প্ৰতিকৃতি আৰু ২ লাখ টকাৰ চেক।

উল্লেখ্য যে, ইউ এন বি টি ন্যাসে আজি আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে। সভাত আদৰণি ভাষণ দিয়ে ইউ এন বি টি ন্যাসৰ অধ্যক্ষ ড°সুবুং বসুমতাৰীয়ে।

অনুষ্ঠান উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ৷ অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা দা আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাই ইউ এন বি টি ন্যাসৰ মহান পদক্ষেপক শলাগ লয়।

ইপিনে, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা লাভ কৰি প্ৰসিদ্ধ অভিযন্তা , উদ্ভাৱক, শিক্ষা সংস্কাৰক সোনম বাংচুকে এয়া জীৱনৰ অন্যতম শ্ৰেষ্ঠ প্ৰাপ্তি বুলি মন্তব্য কৰি এয়া এটা জনজাতিৰ পৰা আন এটা জনজাতিলৈ ডাঙৰ সন্মান বুলি মন্তব্য কৰে। বড়োলেণ্ডৰ সংস্কৃতিক উচ্চ প্ৰশংসা কৰিছে। তদুপৰি আজিৰ ডেকাচামে কাইলৈৰ বড়োলেণ্ড চম্ভালিব লাগিব আৰু বিভিন্ন মহাবিদ্যালয়ত ডেকাচামৰ সতে বাৰ্তালাভ কৰি তেওঁ সুখী বুলিও মন্তব্য কৰে । তদুপৰি লাডাখৰ পৰা এটা ছাত্ৰ-ছাত্ৰীৰ দল বড়োলেণ্ডৰ সংস্কৃতি -শিক্ষাৰ বিষয়ে জানিবলৈ অহাত সহমত পোষণ কৰে।

আনহাতে অনুষ্ঠানত উপস্থিত থকা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সোনম বাংচুকক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে ন্যাস আৰু এবছুক ধন্যবাদ জ্ঞাপন কৰে। ড্ৰপআউট শিক্ষাৰ্থী সন্দৰ্ভত সোনম বাংচুকৰ গৱেষণাৰ ফলাফল বিশ্বজুৰি স্বীকৃত বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সকলক পৰিচয় দিলে।

বড়োসকলৰ বাবে তিনিখনকৈ বড়ো চুক্তি সম্পন্ন হ'ল আৰু আজি আমি দৃঢ় বিশ্বাসী যে বড়োসকলে নিজৰ পৰিচয় আৰু সংস্কৃতি লৈ বিশ্বৰ বুকুত চিৰদিনে জীয়াই থাকিব বুলি মন্তব্য কৰে।

ইপিনে অনুষ্ঠানত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োই সোনম বাংচুকক ইউএনবিটি, এবছু আৰু বড়ো জনগোষ্ঠীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে। লাডাখৰ সতে বড়োলেণ্ডৰ এক সমন্বয়ৰ যাত্ৰা আৰম্ভ হ'ল আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন এখোজ আগবাঢ়িল বুলি মন্তব্য কৰে। উল্লেখ্য যে, অনুষ্ঠানত এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী,বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে কৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

সোনম বাংচুকক 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' প্ৰদান
৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ খেলুৱৈ বাচনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in