টিহুত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন 

টিহুত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন 

author-image
Asomiya Pratidin
New Update
টিহুত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন 

ডিজিটেল সংবাদ,নলবাৰী : নলবাৰী জিলাৰ টিহু ৩০খন বিচনাযুক্ত এফআৰইউ চিকিৎসালয়ত ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰ হয়। এই উপলক্ষে চিকিৎসালয়খনৰ উপ-অধীক্ষক ডাঃ তপন তালুকদাৰৰ পৌৰোহিত্যত হোৱা সভাত ডাঃ নৃপেন দাস আৰু বহুমুখী স্বাস্থ্যকৰ্মী কুলেন কলিতাই দিৱসৰ সৈতে সংগতি ৰাখি ভাষণ প্ৰদান কৰাৰ উপৰি ডাঃ নৃপেন দাস আৰু ভূপেন ৰাজবংশীয়ে গীত-মাত পৰিৱেশন কৰে।

Advertisment

অনুষ্ঠানত চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষক ডাঃ প্ৰমোদ তালুকদাৰ, ডাঃ কস্মিতা তালুকদাৰ, ডাঃ মনোজ দাস, ডাঃ কুলদীপ ঠাকুৰীয়া, টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া উপাসনা ডেকা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দুলাল চন্দ্ৰ দাস, পৰিচালনা সমিতিৰ সদস্য ক্ৰমে শৈলেন্দ্ৰ পাঠক, কিশোৰ কুমাৰ শৰ্মা, পংকজ বেজবৰুৱা, বিমান কলিতা, মুখ্য ব্লক ফাৰ্মাচিষ্ট পুলকেশ দাস আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত অনুষ্ঠানত উপস্থিত থকা চিকিৎসালয়খনৰ আন চিকিৎসকসকলকো চিকিৎসক দিৱস উপলক্ষে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চিকিৎসালয়খনৰ মেলেৰীয়া পৰিদৰ্শক ভূপেন ৰাজবংশীয়ে আঁত ধৰা এই অনুষ্ঠানত টিহু চিকিৎসালয়ৰপৰা সদ্য অৱসৰপ্ৰাপ্ত ধাত্ৰী চাৰু ডেকা, ৰাধিকা পাটিগিৰি, কৰ্মচাৰী কান্তেশ্বৰ কলিতা, যামিনী দেৱী আৰু এনএমএ মাধৱ কলিতাক চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰপৰা সাদৰ বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Also Read: গোলাঘাটত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" শুভাৰম্ভ