
ডিজিটেল সংবাদ,বোকাখাট : "প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকসকলে সুবিধা লাভ কৰি উপকৃত হ'ব পাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ জৰিয়তে প্ৰায় ২৬৩ কোটি টকা অসমৰ কৃষকসকলে লাভ কৰিছে।
গোলাঘাট জিলাত সৰ্বমুঠ ১৬,১৮৪ জন কৃষকে প্ৰায় ১৬ কোটি ৫৩ হাজাৰ টকা বীমা কৰা কৃষকসকলে লাভ কৰিছে।" এনেদৰে মন্তব্য প্ৰদান কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই।
শনিবাৰে বোকাখাতত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত শস্য বীমা সপ্তাহৰ শুভাৰম্ভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী বৰাই। তেওঁ উপস্থিত ৰাইজৰ সন্মুখত নিজ ভাষণত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুফল যাতে কৃষকে লাভ কৰিব পাৰে, তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিষয়া আৰু বীমা কোম্পানীৰ বিষয়া সকলক আহ্বান জনায়।
তদুপৰি অসম চৰকাৰৰ সহযোগত গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই। এই উপলক্ষে বোকাখাতস্থিত পুৱতি সাহিত্য সভাৰ প্রেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ উপস্থিতিত মুঠ ১২ জন হিতাধিকাৰীক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন ৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাখনত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই ৰাইজক উদেশ্য কৰি তেওঁ কৃষি যান্ত্ৰিকৰণ, বাণিজ্যিক মূল্য থকা খেতি, ক্ষুদ্ৰ জলসিঞ্চন, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি, পুষ্টিকৰ খাদ্য হিচাপে মিলেট খেতি, প্ৰকৃতিক খেতি, জৈৱিক কৃষি, মাকৈ খেতিৰ জৰিয়তে আয়, অসমত দ্বৈত খেতি, কৃষকৰ আয় দুগুণ,পৰম্পৰাগত কৃষি আদি সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই। জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য আগবঢ়ায়।
প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক নডেল বিষয়া দেৱজিৎ নেওগে ফচল বীমা যোজনাৰ গুৰুত্ব ,কৃষকসকল সজাগ হোৱাৰ লগতে আঁচনিখনৰ বৈশিষ্ট্যসমূহ,হিতাধিকাৰী লাভান্বিত হোৱা দিশ সমূহৰ সন্দৰ্ভত উপস্থিত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত উৎপাদনৰ ক্ষতিৰ আধাৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
এই আঁচনিৰ বাবে এক হেক্টৰ খেতি মাটি লৈ কৃষকে এশ টকাৰ বীমা মূল্য দিব লাগিব। গোলাঘাট জিলাৰ কৃষি বিষয়া ৰঞ্জিত শৰ্মাই জানিবলৈ দিয়ে যে এই প্ৰচাৰ অভিযানত গোলাঘাট জিলাখনৰ সকলো গাঁও পঞ্চায়তত ১০০ শতাংশ ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত বোকাখাটৰ মহকুমাধিপতি ড০ নেহা যাদৱ,প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক পৰামৰ্শদাতা দেৱজিৎ নেওঁগ, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱা, মহকুমা কৃষি বিষয়া সূৰুয শইকীয়া আৰু বহুকেইটা বীমা কোম্পানীৰ বিষয়ববীয়া উপস্থিত থকাৰ লগতে প্ৰায় ৫ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।