অসম সাহিত্য সভাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ

অসম সাহিত্য সভাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ জাতীয় জীৱনৰ বৃহৎ অনুষ্ঠান অসম সাহিত্য সভাই বিগত সময়ছোৱাত বহুকেইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰি সভাখনক এক বিশেষ নতুন মাত্ৰা প্ৰদান কৰিছে। এই আলোচনা চক্ৰৰ দ্বাৰা শৈক্ষিক, ঐতিহ্য, প্ৰযুক্তি, সংস্কৃতি, ভাষা আদি সকলো দিশ সামৰি লৈ এক বিদ্যায়তনিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে অসম সাহিত্য সভাই। ই সকলো শ্ৰেণীৰ লোককে সামৰি ল’লেও প্ৰধানকৈ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গুৰুত্ব প্ৰদানেৰে ভাষা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। তদুপৰি ইয়াত গৱেষণা-পত্ৰ আদি দাখিল কৰাৰ সুবিধা প্ৰদান কৰি বিষয়টোৰ প্ৰতি গভীৰতা, দায়িত্ব, আস্থা আদি প্ৰকাশৰ দিশো আঙুলিয়াবলৈ চেষ্টা কৰা হৈছে।

বৰপেটা জিলাৰ হাউলীস্থিত ঐতিহ্যমণ্ডিত বি এইচ্ কলেজৰ অসমীয়া বিভাগ আৰু অসম সাহিত্য সভাৰ যুটীয়া উদ্যোগত দুদিনীয়াকৈ 'আধুনিক অসমীয়া কবিতাৰ বিৱৰ্তন আৰু বৈচিত্ৰ্য' শীৰ্ষক বিষয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰৰ আয়োজন কৰা হয়। প্ৰথম দিন 'আধুনিক কবিতাৰ দিন' হিচাপে লৈ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ সোঁৱৰণত দিনজোৰা কবি-সন্মিলন অনুষ্ঠিত কৰা হয়। অসমৰ বিভিন্ন ঠাইৰপৰা ভালে সংখ্যক ন-পুৰণি প্ৰতিষ্ঠিত কবিয়ে অংশ লোৱাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা  আৰু ছাত্ৰ-ছাত্ৰী এই কবি-সন্মিলনখনত অংশ লৈ কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে আৰু এক নান্দনিক পৰিৱেশ সৃষ্টি কৰে।

পুৱা কবি-সন্মিলন আৰম্ভ হোৱাৰ আগয়ে  অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ হৰেন চৌধুৰীয়ে আৰু মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড৹ ভূষণ চন্দ্ৰ পাঠকে। স্মৃতি তৰ্পণ কৰে বিশিষ্ট কবি কুমাৰ মীন দাসে। ইয়াৰ পিছত অসম সাহিত্য সভাৰ আদৰণী গীতেৰে আৰম্ভ হোৱা কবি-সন্মিলনখনত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ কবি-সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ হৰেন চৌধুৰীয়ে।

বি এইচ্ কলেজৰ উপাধ্যক্ষ ৰণজিৎ ভূঞাই বন্তি প্ৰজ্বলন কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ অধ্যাপিকা ঊষা দাসে। কবি-সন্মিলনখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক ড৹ ভূষণ চন্দ্ৰ পাঠকে। ড৹ প্ৰশান্ত ৰাভাই আঁত ধৰা কবি-সন্মিলনখন সঞ্চালনা কৰে ড৹  হেমন্ত ডেকাই। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা, কবি-সন্মিলন উপ সমিতিৰ আহ্বায়ক জয়ন্ত হাজৰিকা, সহযোগী আহ্বায়ক বিশিষ্ট কবি লেখক অজয় বৰুৱাকে ধৰি বহু বিষয়ববীয়া উপস্থিত থাকে। কবি-সন্মিলনখনত প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ প্ৰয়োজনীয়তা, ভাষা-সংকট, কবিতাক অধিক জনমুখী কৰাৰ গুৰুত্ব আদিৰ বিষয়ে সাৱলীল ভাষণ আগবঢ়ায়।

এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ  আৰু কবি সন্মিলনত অংশগ্ৰহণ কৰা বিশিষ্ট কবি কুমাৰ মীন দাস, টিংকু দাস, অজয় বৰুৱা, খঞ্জনা শৰ্মা, অভিজিৎ তালুকদাৰ, সমীৰণ মজুমদাৰ, অন্নপ্ৰভা দাস, মাণিক চন্দ্ৰ শৰ্মা, নৱ কুমাৰ বৰ্মন, স্বৰ্গজ্যোতি চেতিয়াকে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট কবিয়ে কবিতা পাঠৰ লগতে মহাবিদ্যালয়খনৰ কুৰিগৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি স্বৰচিত কবিতা পাঠ কৰে।

এই কবিসকলক কিতাপৰ টোপোলা আৰু গামোচাৰে বিশেষ সম্বধৰ্না জ্ঞাপন কৰা হয়। কবি সন্মিলখন সঞ্চালনা কৰে বিশিষ্ট কবি, গৱেষক-সাহিত্যিক ড৹ হেমন্ত ডেকাই। অনুষ্ঠানত অসম সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ আহ্বায়ক জয়ন্ত হাজৰিকা, অজয় বৰুৱা, কামৰূপ মহানগৰ জিলাৰ উপ সভাপতি হৰেশ্বৰ ডেকা আৰু অন্যান্য বিষয়ববীয়াই। কবি-সন্মিলনখনত বিভিন্ন জিলাৰপৰা আহি কবিতা পাঠ কৰা কবিসকলৰ কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়ায় ইংৰাজী বিভাগৰ প্ৰবক্তা ড৹ দীপমণি দাসে। সভাপতিৰ মন্তব্য আৰু বক্তব্যৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপিকা চেলিনা জেকলিনা পাৰবিনে। 

ইয়াৰোপৰি দ্বিতীয় দিনৰ বিশেষ কাৰ্যসূচী হ'ল ‘আধুনিক অসমীয়া কবিতাৰ বিৱৰ্তন আৰু বৈচিত্ৰ্য' শীৰ্ষক বিষয়ৰ গৱেষণা পত্ৰ পাঠ। এই বিষয়ৰ উপ বিষয় সমূহ হ'ল আধুনিক অসমীয়া কবিতাৰ উদ্ভৱ আৰু বিকাশ, ৰূপান্তৰ পৰ্ব, প্ৰগতিশীল চেতনা, সমাজ চেতনা, ইউৰোপীয় প্ৰভাৱ, লোকালয়ত চেতনা, ভাষা চেতনা, কবিতাৰ আংগিক, কবিতাৰ বিষয়-বৈচিত্ৰ্য আৰু কবি আদি। ড৹ হেমন্ত ডেকাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি ডাঃ হৰেন চৌধুৰীয়ে আৰু বৰগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী দীক্ষিতা নাথে। উদ্বোধনী অনুষ্ঠানটো সভাৰ আৰম্ভণী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিৱেশনেৰে আৰম্ভ হয়। উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভূষণ চন্দ্ৰ পাঠকে।

উল্লেখযোগ্য যে আলোচনা সত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, কবি-সাহিত্যিক ড৹ গীতাঞ্জলি হাজৰিকাই। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই এই ধৰণৰ অনুষ্ঠানৰ প্ৰসংগ আৰু সভাৰ সাম্প্ৰতিক পটভূমি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। আলোচনা সত্ৰখনত একত্ৰিছ গৰাকী অধ্যাপক-অধ্যাপিকা, গৱেষকে নিজৰ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে।

আলোচনা সত্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড৹ চুলতান আহমেদ, ডাঃ হৰেন চৌধুৰী, ড৹ গীতাঞ্জলি হাজৰিকা, ড৹ উপেন্দ্ৰজিৎ শৰ্মা, ড৹ ৰেণু হাজৰিকাই। অসম সাহিত্য সভাৰফালৰপৰা এই অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সুশীল চন্দ্ৰ ডেকা। বিএইছ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। জাতীয় সংগীত পৰিৱেশনেৰে সভা সামৰা হয়।

অসম সাহিত্য সভাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ
চিলাপথাৰত নাথ-যোগী সন্মিলনীৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in