চিলাপথাৰত নাথ-যোগী সন্মিলনীৰ সভা

সন্মিলনীৰ জিলা সভাপতি কুশল নাথে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্র সন্থাৰ জিলা সম্পাদক প্ৰসন্ন নাথে।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত নাথ-যোগী সন্মিলনীৰ সভা

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ নতুন গাঁও সাৰ্বজনীন কালী মন্দিৰ প্ৰাঙ্গনত বুধবাৰে অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনী,নাথ-যোগী ছাত্র সন্থা ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত নাথ যোগী উন্নয়ন পৰিষদ ধেমাজি জিলাৰ সহযোগত এখন সভা আহ্বান কৰা হয়। সন্মিলনীৰ জিলা সভাপতি কুশল নাথে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্র সন্থাৰ জিলা সম্পাদক প্ৰসন্ন নাথে।

Advertisment

সভাত প্ৰাদেশিক নাথ-যোগী সন্মিলনী আৰু জিলা নাথ যোগী ছাত্র সন্থাৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰোপৰি নাথ-যোগী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান ধেমাজি জিলাত আয়োজন কৰাৰ লগতে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্রহণ কৰা হয়।

উক্ত সভাত নাথ-যোগী উন্নয়ন পৰিষদ, অসমৰ পৰা ধেমাজি জিলালৈ প্ৰেৰণ চিলাই মেচিন হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হয়। সভাত নাথ-যোগী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপক নাথ,উপ সভাপতি পৰিতোষ নাথ,সাংগঠনিক সম্পাদক ৰাজেন্দ্র নাথ, নাথ যোগী উন্নয়ন পৰিষদ অসম ৰ ধেমাজি জিলা সদস্য সঞ্জয় নাথ, সন্মিলনীৰ জিলা সম্পাদক সজল কুমাৰ নাথৰ লগতে,নাথ-যোগী ছাত্র সন্থা ও সন্মিলনীৰ জিলাৰ সমিতিৰ বিষয়ববীয়াৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।

Also Read: ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

silapathar