/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1d230512-6e74-4322-b13a-c3a4e8989822/Tushar.jpg)
ডিজিটেল সংবাদ: দেওবাৰে নলবাৰীত "নলবাৰী জিলা উশ্বু চেম্পিয়নশ্বিপ" প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। "বিশ্বৰ বিভিন্ন দেশৰ মাজত সাম্প্ৰতিক কালত সামৰিক যুদ্ধ নহয়। অস্ত্ৰৰ জনজননিয়ে এতিয়া ধৰণী কঁপাই নোতোলে। দেশে দেশে এতিয়া ধৰণী কম্পমান ফুটবলৰ যাদুকৰী স্পৰ্শত, ক্ৰিকেটৰ বেট-বলত, দৌৰবিদৰ ভৰিৰ খোজত কিম্বা বক্সিঙৰ পাঞ্চত।"- এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা নলবাৰী ক্ৰীড়া সন্থাৰ বাৰ্ষিক মুখপত্ৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/223785be-2739-452e-bec5-1b00e98e02a5/WhatsApp_Image_2023_04_09_at_6_55_02_PM__2_.jpeg)
দেওবাৰে "নলবাৰী জিলা উশ্বু চেম্পিয়নশ্বিপ" প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শৰ্মাই কয় যে, বিশ্বত শান্তি স্থাপন আৰু ব্যক্তিৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন কৰাত ক্ৰীড়াৰ উল্লেখযোগ্য অৱদান আছে। প্ৰতিগৰাকী সফল ক্ৰীড়াবিদ দেশৰ সম্পদ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b715ec4f-efd7-4e8d-83a6-67ce26ef093b/WhatsApp_Image_2023_04_09_at_6_55_02_PM.jpeg)
উক্ত অনুষ্ঠানত বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰে । তেওঁ নতুন প্ৰজন্মৰ প্ৰতিভাশালী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে বুদ্ধিদীপ্ত বিদ্যাৰ্থীজনহে ভাল খেলুৱৈ হ'ব পাৰে। ক্ৰীড়া অকল শাৰীৰিক খেল নহয় সমানেই মানসিক উৎকৰ্ষ সাধন কৰা মাধ্যম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/39f49e74-978d-4528-8fd2-45d3ae497a59/WhatsApp_Image_2023_04_09_at_6_55_02_PM__1_.jpeg)
নলবাৰী জিলা উশ্বু সন্থাৰ সম্পাদক সুভাষ ডেকাই আঁত ধৰা আৰু সন্থাৰ কাৰ্যকৰী সভাপতি ড° বিপ্লৱ ডেকাই পৌৰাহিত্য কৰা উদ্বোধনী অনুষ্ঠানত শিক্ষাব্ৰতী, সমাজসেৱী দিলীপ তালুকদাৰ, কমল মেধি, প্ৰনৱ মল্ল বুজৰবৰুৱা, খগেন ডেকা আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী তথা কাৰ্যকৰ্তা উপস্থিত থাকে। প্ৰায় ডেৰশ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।।
Also Read: চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...