নলবাৰী সাহিত্য সমাজৰ উদ্যোগত ‘আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ দিৱস'...

নলবাৰী সাহিত্য সমাজৰ উদ্যোগত  ‘আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ দিৱস'...

ডিজিটেল সংবাদ, নলবাৰীঃ ২৩ এপ্ৰিলত নলবাৰী সাহিত্য সমাজৰ উদ্যোগত সমাজৰ কাৰ্যালয় ৰাজেন্দ্ৰ চৌধুৰী ভৱনত 'আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ দিৱস' পালনৰ দিহা কৰা হৈছে। নলবাৰী সাহিত্য সমাজৰ সম্পাদক মানসজ্যোতি শর্মাই এই বিষয়ে জনোৱা অনুসৰি এই দিৱস পালনৰ প্ৰাসংগিকতাৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমানে নির্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব।

নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ পৌৰোহিত্যত হ’বলগীয়া অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব সমাজৰ উপ সভাপতি কল্পনা মিশ্রই। অনুষ্ঠানত লেখক ৰবীন্দ্ৰ শৰ্মাৰ দ্বাৰা ৰচিত ‘কোন মোৰ আপোন' নামৰ গ্ৰন্থ এখন উন্মোচন কৰিব বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই।

এই অনুষ্ঠানত নলবাৰীৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক জার্নাল এম্প’ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ দিৱসৰ সৈতে সংগতি ৰাখি বিশেষ সন্মান প্রদান হ'ব। গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অতি প্রয়োজনীয় এই দিৱস পালনত সম্পাদকে সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা সাদৰেৰে কামনা কৰিছে।

নলবাৰী সাহিত্য সমাজৰ উদ্যোগত  ‘আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ দিৱস'...
চতিয়াত নৃশংস হত্যাকাণ্ডঃ পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in