/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/991b0104-b228-4c60-bd69-d4122f38e260/4.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ ‘‘শিল্পীৰ শিল্পকৰ্ম বিশেষকৈ চিত্ৰশিল্পবোৰ শাশ্বত হৈ ৰয়। সেয়ে শিল্পীসকল যুগে যুগে পূজ্য হৈ আছে।’’ এই মন্তব্য বিশিষ্ট চিত্ৰশিল্পী অবিনাশ মজুমদাৰৰ। বিগত ১৮ মাৰ্চত এক পথ দুৰ্ঘটনাত আকস্মিকভাৱে দেহাৱসান হোৱা টিহুৰ নান্নাট্টাৰী নিৱাসী অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী সমীৰণ পাঠকৰ স্মৰণ সভা এখনত এই কথা প্ৰকাশ কৰে অবিনাশ মজুমদাৰ। তেওঁ লগতে কয় যে সমীৰণ পাঠকৰ দৰে শিল্পীৰ চিন্তা চেতনাৰ কৰ্মবোৰ নতুন প্ৰজন্মক বুজাই-বঢ়াই আগুৱাই নিব লাগে। তেতিয়াহে আমি বিচৰা চিৰ সুন্দৰ সমাজ এখন পাম।
চিত্ৰশিল্পীগৰাকীৰ স্মৰণত বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্তৰাজৰ পৌৰোহিত্যত হোৱা এই সভাত সাহিত্যসেৱক নিতু শৰ্মাৰ সম্পাদনাৰে প্ৰকাশিত ‘মুক্ত কৰাৰ-মুক্ত হোৱাৰ সমীৰণ’ নামৰ স্মৰণপুথি এখনো উন্মোচন কৰে চিত্ৰশিল্পী অবিনাশ মজুমদাৰে। টিহু টাউন ক্লাবৰ উদ্যোগত আয়োজিত এই সভাত উপস্থিত থকা সকলোৱে চিত্ৰশিল্পী সমীৰণ পাঠকৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে।
সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সভাপতি ডঃ সুৰেশ চন্দ্ৰ শৰ্মা, বিশিষ্ট শিক্ষাব্ৰতী ধৰণী শীল, অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি কুমুদ ভট্টাচাৰ্য, প্ৰাক্তন ছাত্ৰনেতা শংকৰ কুমাৰ দাস, টিহু টাউন ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক মণ্টু কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী তালুকদাৰ, মনীষা পাঠক, টিহুৰ আগশাৰীৰ সাংস্কৃতিককৰ্মী ভাৰত তালুকদাৰ, সমাজকৰ্মী ভবানন্দ শৰ্মা, দিলীপ কুমাৰ চেঠিয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নাউধন মজুমদাৰ, অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সম্পাদক দিগন্ত শৰ্মা, শিক্ষক ৰতন মেধি, চন্দ্ৰ কলিতা প্ৰমুখ্যে চিত্ৰশিল্পীগৰাকীৰ গুণগ্ৰাহী লোক, টিহু টাউন ক্লাবৰ বিষয়ববীয়া তথা সদস্য, আত্মীয় আৰু চুবুৰীয়াসকলে স্মৰণ আৰু বন্দনা কৰে।
জনপ্ৰিয় সংগীতশিল্পী হেমন্ত তালুকদাৰৰ স্তুতি-বন্দনাৰে আৰম্ভ হোৱা সভাৰ আদিতে চিত্ৰশিল্পী সমীৰণ পাঠকৰ পত্নী সাৰদা পাঠকে প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মুকলি কৰে। আকৌ বন্তি জ্বলায় অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সভাপতি ডঃ সুৰেশ চন্দ্ৰ শৰ্মাই আৰু মাল্যাৰ্পণ কৰে শিক্ষাব্ৰতী ধৰণী শীলে।