নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, MBBS ৰ আসন বৃদ্ধি পালে ১৫০০ লৈ...

নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, MBBS ৰ আসন বৃদ্ধি পালে ১৫০০ লৈ...
নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, MBBS ৰ আসন বৃদ্ধি পালে ১৫০০ লৈ...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বুধবাৰে আহিল এটা ভাল খবৰ। নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে।

চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ ১০০ খন আসনলৈ অনুমোদন জনোৱা হৈছে। ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰাই নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনত আৰম্ভ হ'ব পাঠদান।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষতেই কোকৰাঝাৰ আৰু নগাওঁ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে স্বীকৃতি প্ৰদান কৰি ১০০ খনকৈ আসনত পাঠদান কৰাৰ বাবে অনুমোদন জনাইছিল। আনহাতে নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰ্যবেক্ষণৰ বাবে যোৱা ফেব্ৰুৱাৰীৰ ২৭ তাৰিখে এন এম চিৰ এটা দল আহিছিল।

এই দলটোৱে চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰিছিল। নলবাৰী জিলাৰ দক্ষিণ গাঁৱত ১৩২ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনৰ ২০১৯ ত তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল।

নলবাৰী চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাৰ পাছতে ৰাজ্যত মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পালে ১২ খনলৈ। আনহাতে অসমত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে মুঠ আসনৰ সংখ্যা বৃদ্ধি পালে ১৫০০ লৈ। ২০২৩-২৪ শিক্ষা বৰ্ষত এই ১৫০০ আসনতেই নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰিব শিক্ষাৰ্থীসকলে।

নলবাৰী চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাৰ পাছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰৰ জৰিয়তে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বৱধানত অসম চৰকাৰে ৰাজ্যত চিকিৎসা শিক্ষা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ৰাজ্যখনৰ দ্বাদশ চিকিৎসা মহাবিদ্যালয় নলবাৰী চিকিৎসা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ অধীনত ১০০ খন এম বি বি এছ আসনৰ বাবে MARBৰ অনুমোদন লাভ কৰিছে বুলি জনাবলৈ পাই আনন্দিত হৈছো।

নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, MBBS ৰ আসন বৃদ্ধি পালে ১৫০০ লৈ...
'ভুল হ'ব নালাগিছিল..' অৱশেষত ক্ষমা বিচাৰিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব'ৰ্ডে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in