'ভুল হ'ব নালাগিছিল..' অৱশেষত ক্ষমা বিচাৰিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব'ৰ্ডে

'ভুল হ'ব নালাগিছিল..' অৱশেষত ক্ষমা বিচাৰিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব'ৰ্ডে
'ভুল হ'ব নালাগিছিল..' অৱশেষত ক্ষমা বিচাৰিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব'ৰ্ডে

ডিজিটেল ডেস্কঃ 'ভুল হ'ব নালাগিছিল। অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা।'- এইদৰেই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী বৰ্ডে। জুৰী বৰ্ডৰ হৈ সদস্য তথা বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে ৰাজ্যজুৰি তোলপাৰ লগোৱা বঁটা বিতৰ্ক সম্পৰ্কত মুখ খুলি ক্ষমা বিচাৰিলে।

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে ১৩ মাৰ্চত অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত নাহিদ আফ্ৰিনক আগবঢ়ালে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা)বঁটা। ইয়াৰ পিছতে আৰম্ভ হৈছিল বিতৰ্ক। কিয়নো যিটো গীতৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হ'ল সেই গান প্ৰকৃততে গাইছিল জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে।

নিজানৰ গান নামৰ চিনেমাখনত নাহিদে যিটো গান গাইছিল সেই গানটো আছিল নতুন এজাক। কিন্তু বঁটা প্ৰদান কৰাৰ সময়ত লিখা হ'ল এই বঁটা নীলাতে লুকা ভাকু নামৰ গানটোৰ বাবেহে প্ৰদান কৰা হৈছে। বিতৰ্ক আৰম্ভ হ'ল তাতেই।

এই বিতৰ্কই ৰাজ্য তোলপাৰ লগাই থকাৰ মাজেই আজি বিশিষ্ট পৰিচালক তথা জুৰী বৰ্ডৰ সদস্য চন্দ্ৰ মুদৈয়ে তেওঁলোকৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে। তেওঁ কয়, ‘‘ভুলটো হ’ব নালাগিছিল। অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা। এই বঁটাটো নাহিদ আফ্ৰিনেই পাব লাগিছিল। গানৰ নামটো লিখোতে ভুল হৈ গ’ল।’’

'ভুল হ'ব নালাগিছিল..' অৱশেষত ক্ষমা বিচাৰিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব'ৰ্ডে
বিশ্বকাপৰ পাছতেই হাৰ্ডিক পাণ্ডিয়া হ'ব ভাৰতীয় দলৰ অধিনায়ক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in