/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ecc195e1-d1e4-4328-8711-80e8887fe37e/AP_FOR_WEB_nolbairaa.jpg)
নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তী: স্মৃতিগ্ৰন্থ 'জাপি' উন্মোচন...
ডিজিটেল সংবাদ নলবাৰী: 'স্মৃতিগ্ৰন্থৰ বুকুত বৈ থাকে একোটা অনুষ্ঠানৰ নেদেখা ইতিহাস । স্মৃতিগ্ৰন্থই ব্যক্তি আৰু সমাজৰ ঐতিহ্য বহন কৰে। সেয়ে ইয়াৰ গুৰুত্ব অপৰিসীম।' এই মন্তব্য নাট্যকাৰ, পৰিচালক তথা গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ।
মঙ্গলবাৰে নিশা নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ" জাপি"উন্মোচন কৰি ভট্টাচাৰ্যই আকৌ কয় যে, অনুষ্ঠান আহে যায়, কেতিয়াবা সফল হয় কেতিয়াবা বিফল । কিন্তু স্মৃতিৰ সুৰভি ৰূপে ৰৈ যায় স্মৃতিগ্ৰন্থখন।
বিশিষ্ট নাট্যকাৰ ,সাংবাদিক তথা সাহিত্যক ধ্ৰুৱজ্যোতি শৰ্মাই সভাপতিত্ব কৰা আৰু স্মৃতিগ্ৰন্থ সম্পাদক সুকুমাৰ শৰ্মাই আঁতধৰা উন্মোচনী অনুষ্ঠানত কবি, ঔপন্যাসিক পংকজ গোবিন্দ মেধিয়ে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি কয় বিহু উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এই স্মৃতিগ্ৰন্থসমূহে মাতৃভাষাৰ বিকাশত বিপুল অৱদান আছে।
আন এগৰাকী অতিথি দিশপুৰ কলেজৰ সহকাৰী অধ্যাপক অজিত প্ৰসাদ শৰ্মাই বিহুৰ ঐতিহ্য আৰু গতিধাৰা সম্বন্ধে বিবৃত কৰে। ইফালে বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কুমাৰ কলিতাই একেটা অনুষ্ঠানতে প্ৰয়াত ৰাজমোহন হাজৰিকা স্মৃতি অসমীয়া বৰ্ষপঞ্জী এখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে।
কলিতাই তেওঁৰ ভাষণত মঞ্চবিহুৰ উত্তৰণ আৰু বিস্তাৰত নলবাৰী গৰ্ডনৰ বিহুৰ অৱদানৰ কথা উল্লেখ কৰে । তেওঁ কয় জাতীয় সত্তা আৰু সংস্কৃতি জীয়াই ৰাখিব হলে সকলো জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস দৃঢ় হ'ব লাগিব।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম আৰক্ষীৰ মহাপৰিদৰ্শক, কবি-সাহিত্যিক আবু চুফিয়ান উপস্থিত থাকি নতুন প্ৰজন্মক বিহুৰ পৰম্পৰা আৰু আচাৰ বিচাৰ নাপাহৰি সংস্কৃতিৰ প্ৰবাহমানধাৰাত মিলি যাবলৈ আহ্বান জনায় । নলবাৰী মহকুমা বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, বুবুল তালুকদাৰ , সুলেখক ডঃ সুশান্ত কুমাৰ কাশ্যপ, অধ্যাপক ডঃ সঞ্জীৱ গোস্বামী, জয়ন্ত হাজৰিকা , অলকেশ বৰুৱা, হেমেন্দ্ৰ মহন্ত, ৰাতুল গোস্বামী, চন্দন হালৈ , নিৰোদ দাস,বনজিত মালাকৰ, অচ্যুত কলিতা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ আগেয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে অসম চৰকাৰৰ যুটীয়া সচিব ভূপেশ চন্দ্ৰ দাসে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে শিক্ষাবিদ ডঃ বীৰেন কুমাৰ চক্ৰৱৰ্তী, নলবাৰী জিলা অভিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, ডঃ ৰবীন দাস , ভৱজিত বেজবৰুৱা, অক্ষয় ডেকা আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6133a5f5-3e79-485a-bd3e-f680fb8b81f5/f588121b_aa37_4229_a19c_2250d910f4c3.jpg)