নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ খগেন ডেকাৰ স্মৃতিচাৰণ সভা...

নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ খগেন ডেকাৰ স্মৃতিচাৰণ সভা...

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত চামতা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম কাৰ্যালয়ত সদ্য প্ৰয়াত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, নাট্যকাৰ, সাহিত্যিক পেঞ্চনপ্ৰাপক ডঃ খগেন ডেকাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷

চামতা আঞ্চলিক সাহিত্য সভাৰ সভাপতি এম হাচান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত ডঃ ডেকা স্মৃতি চাৰণ সভাত ৰাজেন বৈশ্য, বলেন কুমাৰ গোস্বামী, বিকাশ ভট্টাচাৰ্য, কুলেশ তালুকদাৰ, বুবুল কুমাৰ শৰ্মা আদিয়ে বিশিষ্ট সাহিত্যিকগৰাকীৰ শিক্ষকতা, সাহিত্য কৃতি, নাট ৰচনা, সমাজ সেৱা আদি দিশৰ আলোকপাত কৰি স্মৃতিচাৰণ বক্তব্য প্ৰদান কৰে। চামতা আঞ্চলিক সাহিত্য সভাৰ সম্পাদক বুবুল কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদ্য প্ৰয়াত সাহিত্যিক ডঃ ডেকাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷

এই সভাতে অহা ২২ এপ্ৰিত ডঃ ডেকাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্বান্ত কৰা হয় ৷ উল্লেখ্য যে যোৱা ২২ মাৰ্চত ৮১ বছৰ বয়সত ডঃ ডেকাৰ গামাৰিমুৰী শান্তিবন চুবুৰিৰ নিজ বাস ভৱনতে বাৰ্ধক্যৰ বাবে দেহাৱসান হৈছিল।

নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ খগেন ডেকাৰ স্মৃতিচাৰণ সভা...
কেতিয়া ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in