কেতিয়া ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল ?

কেতিয়া ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল ?

author-image
Asomiya Pratidin
New Update
মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা

SEBA

ডিজিটেল ডেস্কঃ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা। ৰঙালী বিহুৰ সময়তে ঘোষণা হ’ব মেট্রিক পৰীক্ষাৰ ফলাফল। ৰঙালী বিহুৰ আগে-পিছে ঘোষণা কৰা হ’ব ফলাফল।

Advertisment

লগতে কয় যে, মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে। গতিকে এপ্ৰিল মাহৰ ভিতৰতে ওলাব ফলাফল। অৱশ্যে এতিয়ালৈ তাৰিখৰ কথা উল্লেখ কৰা নাই শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে,  চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ মুঠ ৯১৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৪,২৭,৯২২ গৰাকী। একাধিক নতুন নিয়ম সংযোজন কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিছিল ছেবা। এইবাৰ পৰীক্ষাত ৪টা বিষয়ত পৰীক্ষাৰ্থীয়ে অ'এমআৰ শ্বীট ব্যৱহাৰ কৰি পৰীক্ষা দিছিল।

Also Read: মালিগাঁৱত ৰেলৰ চেপাত নিহত যুৱক

ranoj pegu hslc