ভুল চিকিৎসাৰ বাবে কিশোৰীৰ মৃত্যুৰ অভিযোগ, নলবাৰী সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

ভুল চিকিৎসাৰ বাবে কিশোৰীৰ মৃত্যুৰ অভিযোগ,  নলবাৰী সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্কঃ নলবাৰী সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি। এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ভুল চিকিৎসাৰ বাবে কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰলোকৰ।

মৃত কিশোৰীগৰাকীৰ নাম ডলিচা বৈশ্য। বৃহস্পতিবাৰে কিশোৰীগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। সাৰথিত হাৰ্টৰ টেমুনাৰ অস্ত্রোপচাৰ কৰিছিল ডলিচাৰ। প্ৰায় ৫ ঘন্টা ধৰি চলিছিল অস্ত্ৰোপচাৰ। তাৰ পাছতে সংজ্ঞাহীন হৈ পৰিছল ডলিচা। দুবাৰকৈ এনাস্থেচিয়া দিয়াৰ অভিযোগ ডলিচাৰ পৰিয়ালৰ। এনাস্থেচিয়াৰ পাৰ্শ্বক্রিয়াত মৃত্যু হোৱাৰ অভিযোগ।

সংজ্ঞাহীন হোৱাৰ পিছত গুৱাহাটীৰ GNRC হাস্পতাললৈ প্রেৰণ কৰিছিল । গুৱাহাটীৰ GNRC হাস্পতালত বুধবাৰে মৃত্যু হয় ডলিচাৰ।চকবজাৰৰ বাপন বৈশ্যৰ কন্যা ডলিচা।

এই ঘটনাৰ পাছতে নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নলবাৰী সাৰথি হাস্পতালত প্ৰতিবাদ সাব্যস্ত কৰে একাংশই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।

ভুল চিকিৎসাৰ বাবে কিশোৰীৰ মৃত্যুৰ অভিযোগ,  নলবাৰী সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি
এৰাঢল গাওঁপঞ্চায়তৰ কাৰ্যালয়ত কাঠফুলা প্ৰশিক্ষণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in