এৰাঢল গাওঁপঞ্চায়তৰ কাৰ্যালয়ত কাঠফুলা প্ৰশিক্ষণ

ধেমাজি এৰাঢল গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত বুধবাৰে এদিনীয়াকৈ কাঠফুলা খেতিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
এৰাঢল গাওঁপঞ্চায়তৰ কাৰ্যালয়ত কাঠফুলা প্ৰশিক্ষণ

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি কাঠফুলা খেতিয়ক জিতু গগৈৰ উদ্যোগত মৌ-মাৰী ফাৰ্মাৰ প্ৰডাকচন কোম্পানীৰ লিমিটেড আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ধেমাজি এৰাঢল গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত বুধবাৰে এদিনীয়াকৈ কাঠফুলা খেতিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণটিৰ আতঁ ধৰে উদ্যোগতা মুক্তা দিহিঙীয়াই ৷

Advertisment

প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কাঠফুলা গৱেষণা কেন্দ্ৰ আৰু উদ্ভিদৰোগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক প্ৰভাত চন্দ্ৰ দাসে ৷ প্ৰশিক্ষক দাসে কাঠফুলাৰ খেতিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতী সকলে স্বাৱলম্বী হোৱা সম্পৰ্কে বহলাই উল্লেখ কৰা লগতে কাঠফুলাৰ খেতিৰ বীজৰ পৰা আৰম্ভ কৰি কেনেধৰণে উৎপাদন কৰা হয় ইয়াৰ সম্পৰ্কে সুন্দৰকৈ প্ৰশিক্ষণ দিয়ে ৷

প্ৰশিক্ষণত ধেমাজি কাঠফুলা মৌ-মাৰী ফাৰ্মাৰ প্ৰডাকচন কোম্পানীৰ বিষয়ববীয়া জিতু গগৈ , মুক্তা দিহিঙীয়া ,দিলীপ বৰগোহাঁই ,মিনা বৰাকে ধৰি সমিতিৰ অন্যান্য সদস্য-সদস্যা সকলৰ লগতে প্ৰায় অৰ্ধ শতাধিক ৰাইজে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ৷ কাৰ্যসূচীৰ শেষত খেতিয়ক সকলক যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কাঠফুলা গৱেষণা কেন্দ্ৰ আৰু উদ্ভিদৰোগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক প্ৰভাত চন্দ্ৰ দাসে প্ৰমান পত্ৰ বিতৰন কৰে ৷

Also Read: ইছৰোত চাকৰি পোৱাৰ পাছত মাতৃক গীতা উপহাৰ দিছিল চয়নে, মোবাইলত চালে চন্দ্ৰযান-৩ৰ অৱতৰণ