/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/27d22443-afee-4125-b731-966c4ae1998d/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ 'চকু মানৱী জীৱনৰ শ্ৰেষ্ঠ বিস্ময় আৰু ঐশ্বৰ্য। যাৰ ওজন মাত্ৰ ৮গ্ৰাম অথচ দুই মিলিয়ন ক্ষুদ্ৰতম অংগপুঞ্জৰে সৃষ্ট। এজন মানুহক দেহৰ বৰণে ধুনীয়া নকৰে, উজ্জ্বল চকুযোৰেহে কৰে'- এই মন্তব্য বিশিষ্ট নাট্যকাৰ,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মাৰ। ৩৮ সংখ্যক নেত্ৰদান পষেক উপলক্ষে শনিবাৰে নলবাৰীৰ আমচা হাউচত অনুষ্ঠিত হয় এখন সজাগতা সভা৷ সভাখনত অতিথি হিচাপে উপস্থিত থাকি লেখক ধ্ৰুৱজ্যোতি শৰ্মাই উক্ত মত ব্যক্ত কৰে।
চকু দান দিয়া মানে জীৱন দান দিয়া। চকুৰ ভাষাই বহু কথা কয় বুলি উল্লেখ কৰি তেওঁ কয় যে- চকুৰ মহত্ব বিশ্ব ব্ৰহ্মাণ্ডত যুগে যুগে থাকিব। চকুযোৰ হেৰুৱা মানে অস্তগামী বেলিৰ দৰে অৱস্থা হয় বুলি মন্তব্য কৰি নেত্ৰদান প্ৰক্ৰিয়াত সকলোৱে আগবাঢ়ি আহিব লাগে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ তথা ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনিৰ জিলা আঁচনি প্ৰবন্ধক ডাঃ অৰুণ বৰ্মনে সভাৰ আৰম্ভণিতে চকুদানৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই কয় যে- জীৱন আৰু শৰীৰৰ বাবে চকু অমূল্য সম্পদ৷ এজন মৃত ব্যক্তিৰ পৰা চকু দান কৰি দুজন লোকক সুস্থ কৰি পৃথিৱীৰ পোহৰ দেখুৱাব পাৰি৷ সেয়ে মৃত্যুৰ পিছত চকু দান দিয়াৰ ব্যৱস্থা কৰি দুজনকৈ অন্ধ লোকক জীৱন দান দিয়াৰ দৰে মহৎ কাম কৰাৰ বাবে তেওঁ আহ্বান জনায় ৷
নলবাৰী জিলা অন্ধতা নিয়ন্ত্ৰণ আৰু দৃষ্টিক্ষীণতা সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত বৰ্ণালী ডেকাই কয় যে- নেত্ৰদান হৈছে এটা মহৎ কাৰ্য। নেত্ৰদান সম্পৰ্কত সজাগতাৰ অধিক প্ৰয়োজন বুলি উল্লেখ কৰি এইক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা যি সহায় লাগে আগবঢ়াব বুলিও জিলা আয়ুক্ত গৰাকীয়ে ভাষণত ব্যক্ত কৰে। নেত্ৰদান সন্দৰ্ভত আয়োজন কৰা কাৰ্যসূচীৰ প্ৰশংসা কৰি নলবাৰী মেডিকেল কলেজতো এই সম্পৰ্কে প্ৰচাৰ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
উক্ত সভাত উপস্থিত থাকি নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই ভাষণ প্ৰসংগত কয় যে- অহা বছৰ এই কাৰ্যসূচী মেডিকেল কলেজত কৰা হ'ব। নেত্ৰদান প্ৰক্ৰিয়া সম্বন্ধে বিস্তৃত ব্যাখ্যা আগবঢ়াই নলবাৰী মেডিকেল কলেজত শীঘ্ৰে নেত্ৰ বেংক স্থাপন কৰাৰ বাবে প্ৰচেষ্টা লোৱা হ'ব বুলিও অধ্যক্ষগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত উপস্থিত থাকি আন এগৰাকী বিশিষ্ট অতিথি নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সুভাষ চন্দ্ৰ শৰ্মাই কয় যে- চকুৰ কৰ্ণিয়া বনাব নোৱাৰি। এজন মানুহৰ পৰা আন এজনক দিবহে পাৰি।
উল্লেখ্য যে, সজাগতা সভাখনত নলবাৰী মেডিকেল কলেজৰ চকু ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ শেৱালী দাস, শিশু ৰোগ বিভাগৰ মুৰব্বী ডাঃ মৃনালিনী দাস, উপ-অধীক্ষক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকা, বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জ্যেষ্ঠ চিকিৎসক কামেশ্বৰ লহকৰকে ধৰি কেইবাজনো চিকিৎসক উপস্থিত থাকে।
Also Read: বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক আদা সম্বোধনঃ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন ভলণ্টিয়াৰ ফৰ্চ সমিতিৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us