বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক আদা সম্বোধনঃ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন ভলণ্টিয়াৰ ফৰ্চ সমিতিৰ

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক আদা সম্বোধনঃ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন ভলিণ্টীয়াৰ ফৰ্চ সমিতিৰ

author-image
Asomiya Pratidin
New Update
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক আদা সম্বোধনঃ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন ভলণ্টিয়াৰ ফৰ্চ সমিতিৰ

ডিজিটেল সংবাদ, তামুলপুৰঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা মনেশ্বৰ দৈমাৰী ওৰফে মানাওগেদেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ভলণ্টিয়াৰ ফৰ্চৰ নেতা-কৰ্মীসকলে। কেইদিনমান পূৰ্বে মনেশ্বৰ দৈমাৰী ওৰফে মানাওগেদেদে বড়ো জনগোষ্ঠীৰ পিতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক ককাইদেউ নাইবা আদা নামেৰে সম্বোধন কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে কোৱাৰ বিৰুদ্ধে তামুলপুৰত শনিবাৰে এখন সংবাদমেল আয়োজন কৰি প্ৰাক্তন ভলণ্টিয়াৰ ফৰ্চৰ উপ-সভাপতি বান্দু ব্ৰহ্মই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Advertisment

বড়ো জনগোষ্ঠীৰ পিতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক মনেশ্বৰ দৈমাৰীয়ে লজ্জিত কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ বাবে তেওঁ ৰাইজৰ ওচৰত শীঘ্ৰে ক্ষমা খুজিব লাগে বুলি কৈ 'মনেশ্বৰ দৈমাৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক লগ পোৱা নাই, যেতিয়া বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ মৃত্যু হয়, তেতিয়া হাজাৰ-হাজাৰ ৰাইজে বডোফাক সন্মান কৰিছিল, সেই সময়ত মনেশ্বৰ দৈমাৰীয়ে দেখা নাছিল' বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। তেনে এজন ব্যক্তিক উপলুঙা কৰিছে বুলি কৈ পৰৱৰ্তী সময়ত এনে মন্তব্য আগবঢ়ালে আইনৰ সহায় লোৱা হ'ব বুলিও সকীয়নি দিয়ে প্ৰাক্তন ভলণ্টিয়াৰ ফৰ্চৰ উপ-সভাপতি বান্দু ব্ৰহ্মই ।

Also Read: বিশ্বনাথত চাউল হৰলুকী ঘটনাঃ সমবায় সমিতিক নিলম্বন

bodofa