কাজিৰঙাত বানঃ একেটা হাইলেণ্ডতে আশ্ৰয় লৈছে গঁড়,ম’হ,জাক জাক হৰিণাই

কাজিৰঙাত বানঃ একেটা হাইলেণ্ডতে আশ্ৰয় লৈছে গঁড়,ম’হ,জাক জাক হৰিণাই

ডিজিটেল সংবাদ, কাজিৰঙাঃ অপৰিবৰ্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি৷ একেটা হাইলেণ্ডতে আশ্ৰয় লৈছে পোন্ধৰটাতকৈ অধিক গঁড়,ম’হ,জাক জাক হৰিণাই ৷ বিগত চাৰিদিনে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ এলেকা প্লাৱিত কৰি ক্ৰমে প্ৰৱেশ কৰিছে দাঁতি কাষৰীয়া গ্ৰামাঞ্চলত ৷

বানৰ আগ্ৰাসনৰ উমান পাই বহু জীৱজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আগতীয়াকৈ ওলাই আহি ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱাৰ লগতে পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে হৰিণা আৰু হাতীৰ জাক ৷ বন বিভাগৰ সূত্ৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বৰ্তমানেও প্লাৱিত নোহোৱা স্থান আৰু হাইলেণ্ড থকাৰ বাবে সকলো জন্তু ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ যাব লগিয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ৷

পথৰ কাষত অৱস্থান লোৱা বা পথ অতিক্ৰম কৰা বন্যপ্ৰাণী সমূহৰ নিৰাপত্তাৰ বাবে পথৰ ওপৰত বেৰিকেড স্থাপন কৰাৰ ওপৰি পথৰ ওপৰত দিনে নিশাই দৃষ্টি ৰাখিছে বনকৰ্মীয়ে।তদুপৰি এই সময়ছোৱাত একেটা হাইলেণ্ডতে দেখা পোৱা গৈছে ১৫ তাতকৈ অধিক গঁড়,মহ আৰু হৰিনাৰ জাক ৷ ইফালে কণমানি পোৱালিসহ গঁড়,হৰিণা সাতুৰি আহি হাইলেণ্ডত উঠা দৃশ্যই আৱেগিক কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক ৷ইয়াৰোপৰি ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল সমুহৰ মাজত এতিয়া দেখা দিছে খাদ্য সংকট। যাৰ বাবে পানীত বুৰ মাৰি ঘাহঁ খোৱা দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত ।

কাজিৰঙাত বানঃ একেটা হাইলেণ্ডতে আশ্ৰয় লৈছে গঁড়,ম’হ,জাক জাক হৰিণাই
হায় অসম আৰক্ষী! কনিষ্টবলক মৰিয়াই মৰিয়াই আহত কৰিলে অচি উৎপল বৰাই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in