/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5e9de89b-2511-4fbe-a796-574b1622c9dd/120.jpg)
ডিজিটেল ডেস্ক : "গণতন্ত্ৰক শক্তিশালী কৰাত আৰু এখন সুস্থ সমাজ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ।" ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত এইদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
নলবাৰী জিলা প্রশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ, নলবাৰীৰ সহযোগত ৰাষ্ট্রীয় প্রেছ দিৱস আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/afe26e72-8538-42e3-a2ed-06ec3607272d/401090456_981905613296455_976137861970480078_n.jpg)
উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি সকলক শুভেচ্ছা জনায়। ইয়াৰোপৰি সংবাদ কৰ্মীসকলক সমাজৰ সেৱাত সদায়েই নিৰপেক্ষ আৰু নিৰ্ভীকভাৱে দায়িত্ব পালন কৰি যোৱাৰ বাবে মন্ত্ৰী মল্লবৰুৱাই আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/16552da3-ad4c-44eb-829a-2bba9b811ba6/402217310_981905699963113_5154875084461615148_n.jpg)
উক্ত অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্ত বৰ্ণালী ডেকা,অধ্যাপক ড° সঞ্জীৱ কুমাৰ গোস্বামীৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Also Read: ওদালগুৰি সাংবাদিক মঞ্চৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন