/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9c47ccb6-40ce-42aa-8eeb-814076a24d84/119.jpg)
ডিজিটেল সংবাদ,ওদালগুৰি : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওৰাঙৰ পূব ওদালগুৰি সাংবাদিক মঞ্চৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1beb76fb-1c8f-4e52-8a7d-fe9aa8b7e90f/0d89685e_a14f_46cf_bd11_486a33298b1c.jpg)
শ্বহীদ সাংবাদিকক শ্ৰদ্ধাৰে সুঁৱৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে ৰাষ্টীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচী। সমান্তৰালকৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি সাংবাদিক মঞ্চৰ অস্থায়ী কাৰ্যালয়গৃহটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7f5a623e-3631-456a-81f9-9065b31bd310/8c160d56_db40_49da_9670_394d3be7cace.jpg)
কাৰ্যালয়টোৰ ফিটা কাটি শুভ উদ্বোধন কৰে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। গুৰুজ্যোতি দাসৰ লগত সংগ দিয়ে বিটিচিৰ পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ (MCLA) দিপক মৌৰ, বিজেপি যুৱ মৰ্চাৰ জিলা সভাপতি সমৰ হাজৰিকা ওৰাঙৰ সমাজকৰ্মী বেণুধৰ অধিকাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1dc69b29-fa7a-4bb1-81f2-059aa35eefda/c0cc6d72_1f93_464f_b69f_8c1a4c2c691e.jpg)
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি সাংবাদিক মঞ্চই ৩গৰাকী সাংবাদিকক সম্বৰ্ধনা জনায়। সম্বৰ্ধিত সাংবাদিক কেইগৰাকী হৈছে- জ্যেষ্ঠ সাংবাদিক তৰুণ ডেকা, নৱ কুমাৰ ডেকা আৰু মুনিন্দ্ৰ কলিতা। উক্ত অনুষ্ঠানত উপস্থিত থাকে পূব ওদালগুৰি সাংবাদিক মঞ্চৰ অৰ্ধ শতাধিক জেষ্ঠ-কনিষ্ঠ সাংবাদিক।
Also Read: আমেৰিকা প্ৰশাসনিক সন্মিলন পৰিষদৰ সদস্য হিচাপে ভাৰতীয়মূলৰ ব্যক্তিক নিযুক্তি