বৰ্খাস্ত হোৱা OC বিমান ৰয়ক বিচাৰি গীতানগৰত আৰক্ষীৰ তালাচী!

দুৰ্নীতিগ্রস্ত পলাতক OC বিমানৰ ৰয়ৰ বহু কু-কৰ্ম পোহৰলৈ। ২০১৭ চনতো দুৰ্নীতিৰ গোচৰত গ্রেপ্তাৰ হৈ জেললৈ গৈছিল বিমান ৰয়

author-image
Asomiya Pratidin
New Update
বৰ্খাস্ত হোৱা OC বিমান ৰয়ক বিচাৰি গীতানগৰত আৰক্ষীৰ তালাচী!

ডিজিটেল ডেস্কঃ দুৰ্নীতিগ্রস্ত পলাতক OC বিমানৰ ৰয়ৰ বহু কু-কৰ্ম পোহৰলৈ। ২০১৭ চনতো দুৰ্নীতিৰ গোচৰত গ্রেপ্তাৰ হৈ জেললৈ গৈছিল বিমান ৰয়। দুৰ্নীতি নিবাৰক আৰু তদৰাকী শাখাই গ্রেপ্তাৰ কৰিছিল বিমান ৰয়ক।

Advertisment

এখন ট্রাক মোকলাই দিয়াৰ নাম দাবী কৰিছিল ধন। অভিযোগ অনুসৰি গীতা মন্দিৰৰ সমীপত ভয়–ভাবুকি দি ক্রয় কৰিছিল মাটি। জেলৰ পৰা ওলাই আহি গীতানগৰৰ ঘৰটোত আছিল দীৰ্ঘদিন।

বৃহস্পতিবাৰে বিমান ৰয়ক বিচাৰি গীতানগৰ আৰক্ষী উপস্থিত হৈছিল ঘৰটোত। বৰ্তমান ঘৰটোৰ গেটত ওলমি আছে এটা প্রকাণ্ড তলা। এতিয়ালৈকে বিমান ৰয়ৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে।

উল্লেখ্যে যে, ২১ জুনত ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তুলিছিল এইগৰাকী আৰক্ষী বিষয়াই। এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগৰ পাছত উত্তপ্ত হৈ পৰিছে নলবাৰী। তাৰ পাছৰ পৰাই পলাতক অৱস্থাত আছে বিমান ৰয়। আৰক্ষী বিষয়া গৰাকীৰ সন্ধান দিওতাৰ বাবে পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে।

Also Read: সাংবাদিকৰ ভাতৃসহ কোটিটকীয়া চাউল কেলেংকাৰীৰে জড়িত ৭ জনক গ্ৰেপ্তাৰ...

Assam police