সাংবাদিকৰ ভাতৃসহ কোটিটকীয়া চাউল কেলেংকাৰীৰে জড়িত ৭ জনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
সাংবাদিকৰ ভাতৃসহ কোটিটকীয়া চাউল কেলেংকাৰীৰে জড়িত ৭ জনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ ঢেকিয়াজুলী মাৰ্কেটিং কোপাৰেটিভ ছচাইটিৰ পৰা হৰলুকি হোৱা ২৩০০ কুইন্টল চাউল আত্মসাতৰ অভিযোগত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৭ জনকৈ লোকক। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকীকোষে গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে সুৰজিৎ সেনাপতি, অনিৰুদ্ধ পালিত, ভাস্কৰজ্যোতি কৰ, থুবিৰ তাতী, সুব্ৰত বনিক, মৃদুল তৰণ আৰু অশোক ঘোষ।

Advertisment

উল্লেখ্য যে, এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি দুখীয়া লোকৰ বাবে আৱন্টিত চৰকাৰী চাউল ভুৱা হিতাধিকাৰীৰ নামত আৱন্টন লৈছিল। সেই চাউল চক্ৰটোৱে মিলি বিক্ৰী কৰিছিল ক'লা বজাৰত। এনেকৈয়ে দীৰ্ঘদিন ধৰি কোটি কোটি টকাৰ চাউল কেলেংকাৰী সংঘটিত কৰাৰ পাছত এক গোচৰ ৰুজু কৰা হৈছিল মুখ্যমন্ত্ৰী তদাৰকী কোষত।

সেই গোচৰৰ ভিত্তিত চিএম ভিজিলেঞ্চে এই লোককেইজনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকে কেৱল ঢেকিয়াজুলী সমবায়ৰ পৰাই ২৩০০ কুইন্টল চাউল আত্মসাৎ কৰি বিক্ৰী কৰিছিল। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে ট্ৰেন্সপোৰ্টাৰ, ডিলাৰ আৰু এজেন্ট। এই সকলোৱে মিলি অ-বিভক্ত শোণিতপুৰ জিলাতো অনুৰূপ কাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে।

আৰক্ষীয়ে আটক কৰা ৭ জনৰ ভিতৰত আছে এজন সাংবাদিকৰ ভাতৃও। গহপুৰৰ এই সাংবাদিকগৰাকীৰ ভাতৃয়ে এনে কেলেংকাৰীৰ জৰিয়তে কোটিটকাৰ সম্পত্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল বুলি অভিযোগ আছে। তেওঁৰ নামত বহু সম্পত্তিৰ লগতে আছে কেইবাখনো বিলাসী গাড়ী। পূৰ্বে এই ধৰণৰ অভিযোগৰ সন্দৰ্ভত তদন্ত চলিছিল যদিও ৰহস্যজনকভাৱে বিষয়টো গাপ দিয়া হৈছিল। মুখ্যমন্ত্ৰী তদাৰকী কোষে এই গোচৰৰ সঠিক তদন্ত কৰিলে আৰু ভয়াবহ তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Also Read: পদত্যাগ কৰিব নিদিলে মণিপুৰৰ মুখ্যমন্ত্ৰীক!

Assam police