নলবাৰীত তাৰকা শিল্পীৰ সমাবেশেৰে সোণালী জয়ন্তীৰ বিশাল আয়োজন...

তাৰকা শিল্পীৰ সমাবেশেৰে সোণালী জয়ন্তীৰ বিশাল আয়োজন নলবাৰী মহকুমা বিহু সন্মিলনীৰ

author-image
Asomiya Pratidin
New Update
নলবাৰীত তাৰকা শিল্পীৰ সমাবেশেৰে সোণালী জয়ন্তীৰ বিশাল আয়োজন...

ডিজিটেল সংবাদ, নলবাৰী: নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত বিহু নলবাৰী মহকুমা বিহু সন্মিলনীৰ এইবেলি সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ৯, ১০, ১১ আৰু ১২ বহাগত ১৪৩০ খৃষ্টাব্দ, গৰ্ডন স্কুল খেলপথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব ৷ বিহু পৰিচালনাৰ বাবে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সভাপতি, বিশিষ্ট সমাজসেৱী গণেশ তামুলীক মুখ্য উপদেষ্টা, হেমেন্দ্ৰ মহন্ত, গণেশ ৰায়মেধিক কাৰ্যকৰী সভাপতি আৰু মনোজ কুমাৰ চৌধুৰী আৰু বুবুল তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

Advertisment

এইবাৰ কাৰ্যসূচীত মুকলি বিহু প্ৰতিযোগিতাৰ লগতে তিনি দিনৰ সাংস্কৃতিক সন্ধিয়া সুৰেৰে সজাব জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকা, সুগায়ক ভৃগু কাশ্যপ, নতুন প্ৰজন্মৰ তাৰকা শিল্পী নীলআকাশৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক ৰূপে জনপ্ৰিয় শিল্পী গায়ত্ৰী মহন্ত উপস্থিত থাকিব। সমান্তৰালকৈ স্থানীয় আৰু নিমন্ত্ৰিত শিল্পীয়ে বিহু উছৱত অংশগ্ৰহণ কৰাৰ লগতে কুইজ, চিত্ৰাংকন জেংবিহু, চিকুন গৰু প্ৰদৰ্শন, আয়তীৰ উৰুলি, লাড়ু- পিঠা বনোৱা, অসমীয়া সাজপাৰ প্ৰতিযোগিতা আৰু বিভিন্ন ক্ৰীড়া অনুষ্ঠিত হব বুলি সাংস্কৃতিক বিভাগৰ উপদেষ্টা দিলিপ কুমাৰ দাস, সভাপতি জয়ন্ত হাজৰিকা আৰু সম্পাদক অলকেশ বৰুৱাই জানিবলৈ দিয়ে ৷

এইবাৰৰ বিহুৰ সকলো কাৰ্যসূচী পৰিচালনাৰ বাবে মুখ্য উপদেষ্টা গণেশ তামুলী আৰু বিত্ত বিভাগৰ সম্পাদকদ্বয় অভিজিৎ কলিতা, মন্টু দাসে ইতিমধ্যে পঁচিশ লাখ টকাৰ বাজেট নিৰ্দ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিছে ৷ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও অনুষ্ঠানটোৰ দলিলস্বৰূপ প্ৰকাশিতব্য স্মৰণিকা “জাপি“ৰ সম্পাদনা সমিতিৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বত আছে ক্ৰমে সাহিত্যিক-সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা আৰু সমাজকৰ্মী সুকুমাৰ শৰ্মা ৷

বিহু সন্মিলনীৰ সকলো সদস্যৰ নবীকৰণ অহা ১৫ এপ্ৰিলৰ আগতে কৰিবলৈ যুটীয়া সম্পাদক চন্দন হালৈ লগতে নিৰোদ দাসে আহ্বান জনাইছে ৷৷আনহাতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা দল সংগঠন সমূহে জোন বৰ্মন আৰু চন্দন হালৈৰ সতে যোগাযোগ কৰিবলৈ সমিতিয়ে এক বিজ্ঞপ্তিযোগে আহ্বান জনাইছে।

Also Read: মুখ্যমন্ত্ৰীৰ ঘোষণা : ১৪ এপ্ৰিলত নহয় ৱৰ্ল্ড ৰেকৰ্ড...

culture