
ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ মহিলাসকল পুৰুষতকৈ আগবঢ়া ৷ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা মহিলাসকলৰ অভূতপূৰ্ব সঁহাৰি, কৰ্মোদ্যমী মহিলাসকলৰ আগ্ৰহ, পৰিশ্ৰম দেখি আজি এই মন্তব্য প্ৰদান কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ৬০নং কান্ধবাৰী-দাগাপাৰা গাঁও পঞ্চায়ত আৰু ৬১নং ঘোগা গাঁও পঞ্চায়তত শুক্ৰবাৰে পৃথকে পৃথকে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ জৰিয়তে অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷
৬০নং কান্ধবাৰী-দাগাপাৰা গাঁও পঞ্চায়ত কৰ্তৃপক্ষই দৰংগীপাৰা গাঁৱত অঞ্চলটোৰ আত্ম-সহায়ক গোট সমূহৰ মহিলাসকলৰ সহযোগত অনুষ্ঠিত কৰা অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷ দৰংগীপাৰাস্থিত শংকৰদেৱ শিশু নিকেতনৰ পৰা অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা মহিলাসকলে গাঁওখনৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি.এছ.এফৰ দূৰ-সংযোগ বিভাগৰ অৱসৰী উপ সঞ্চালকপ্ৰধান কমলেশ ডেকাৰ গৃহলৈ গৈ মাটি সংগ্ৰহ কৰে ৷ উৎসৱমুখৰ পৰিৱেশৰ মাজৰে অমৃত কলহত মাটি অৰ্পণ কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷
প্ৰাণিধানযোগ্য যে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা বৰক্ষেত্ৰীৰ দৰংগীপাৰা গাঁৱৰ কমলেশ ডেকাৰ সুযোগ্যা কন্যা ৷ ইয়াৰ পূৰ্বে দৰংগীপাৰাস্থিত শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত পঞ্চায়ত কৰ্তৃপক্ষই অনুষ্ঠিত কৰা সভাত জিলা আয়ুক্ত বৰ্ণালী ডেকাই উপস্থিত থাকি ভাষণ প্ৰসংগত অমৃত কলহ যাত্ৰাত নলবাৰী জিলাৰ মহিলাসকলৰ অভূতপূৰ্ব সহাঁৰি, আগ্ৰহ, পৰিশ্ৰম আৰু কষ্ট দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে আৰু জিলাখনৰ পুৰুষতকৈ মহিলাসকল আগবঢ়া বুলিও কয় ৷
ঠিক তেনেদৰে অসমৰ মহিলা সকলো পুৰুষৰ সমানে আগবাঢ়ি গৈ থকা বুলিও উল্লেখ কৰে ৷ তদুপৰি জিলাখনৰ মানুহৰ যথেষ্ট মেধা থকা বুলিও মন্তব্য কৰে জিলা আয়ুক্তগৰাকীয়ে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগন্তুক দিনত অসমখনক দেশৰ শীৰ্ষ পাঁচ ৰাজ্যৰ ভিতৰত অন্যতম কৰাৰ যি স্বপ্ন সেই স্বপ্ন পূৰণ কৰাৰ বাবে মহিলাসকলে অধিক আগ্ৰহেৰে পৰবৰ্তী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷
জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ সহিতে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়, পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী চাহেদা বেগমকে ধৰি কেইবাটাও চৰকাৰী বিভাগৰ কেইবাজনো বিষয়া আৰু আত্ম- সহায়ক গোটৰ তিনি শতাধিক মহিলা উপস্থিত থাকে ৷ অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচী আঁত ধৰে বিজেপি নেতা শৈলেন কলিতাই৷ ইপিনে ৬১নং ঘোগা গাঁও পঞ্চায়তৰ কাৰ্যালয়তো অমৃত কলহ যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগমৰ নেতৃত্বত বিহু নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অতি উলহ মালহেৰে অমৃত কলহ যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ গাঁও পঞ্চায়তখনৰ আত্মসহায়ক গোটৰ দুই শতাধিক মহিলাৰ সহযোগত গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ পৰা অমৃত কলহত মাটি সংগ্ৰহ কৰি শোভাযাত্ৰাৰে পঞ্চায়তৰ কাৰ্যালয়লৈ লৈ আহে ৷ স্থানীয় উদ্যমী যুৱক ইমৰান হুছেইনে আঁত ধৰা অমৃত কলহ যাত্ৰা কাৰ্যসূচীত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বাপধন আলী, লোকনিৰ্মাণ (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা দিলীপ কুমাৰ নাথকে প্ৰমুখ্য কৰি গাঁও পঞ্চায়তখনৰ বিভিন্ন প্ৰান্তৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া-জোৱান সকলৰ উপৰি স্থানীয় লোকসকলেও অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে ৷