নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত দিহানাম কৰ্মশালাৰ সামৰণি...

নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত দিহানাম কৰ্মশালাৰ সামৰণি...

ডিজিটেল সংবাদ, নলবাৰীঃ 'অসমৰ নাম সাহিত্যই মাতৃ ভাষা মহীয়ান কৰিছে।যুক্তাক্ষৰ বিহীন প্ৰাঞ্জল ভাষা আৰু সৰল প্ৰকাশে ইয়াক সকলোৰে গ্ৰহণীয় কৰি তুলিছে।'- এই মন্তব্য বিশিষ্ট নাট্যকাৰ,কথা শিল্পী ধ্ৰুৱজ্যোতি শৰ্মাৰ।

নলবাৰী জিলা দিহানাম সমিতিয়ে যোৱা ১৮, ১৯, ২০ আৰু ২১ জুলাইত নলবাৰী হৰিমন্দিৰ প্ৰাঙ্গণত এখন কৰ্মশালা অনুষ্ঠিত কৰে। শুকুৰবাৰে কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানৰ বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি ধ্ৰুৱজ্যোতি শৰ্মাই লগতে কয় যে, 'গীতি সাহিত্য বিস্তাৰত দিহানামৰ অৱদান অতুল্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি দিহানামক সু-পৰিমাৰ্জিত, সু-সংহত আৰু নিয়মাৱলী তথা সাংবিধানিক ভাবে বৰ অসমৰ উজনি, নামনি আৰু মধ্য অসমৰ দিহানাম ভাগক ভক্তিভাৱে সমস্ত শুদ্ধ বিচাৰ বিশ্লেষণাত্মক তথা এটি শুভ ৰূপত লৈ দিহানামক বিশ্ব সভালৈ নিয়াৰ বাবে নলবাৰী জিলা দিহানাম সমিতিয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অনন্য।'

লগতে শৰ্মাই কয় যে- 'গুৰুজনাৰ অমৰ সৃষ্টিৰ অন্যতম ভিন্ন সুৰী নামসমূহ পৰিবেশন কৰিলে শৰীৰৰ ক্লেশ আঁতৰি যায় আৰু সঞ্চালিত শৰীৰে দুখ, শোক, বিৰহ, বিচ্ছেদ পাহৰি আনন্দৰ লহৰত উজ্জীৱিত হয়। নলবাৰী হৰিমন্দিৰত অনুষ্ঠিত দিহানামৰ কৰ্মশালাত ইমান বেছি আই মাতৃৰ অংশগ্ৰহণ, এয়া জাতীয় জীৱনৰ গৌৰৱ ময় অধ্যায়।'

উল্লেখ্য যে ১৮ জুলাই ৰাতিপুৱা ১০ বজাৰ পৰা বাক্সা, কামৰূপ, বৰপেটা লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি হাজাৰ মহিলাই কৰ্মশালাত যোগদান কৰি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে। যাৰ ফলত কৰ্মশালাখনি অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাত উদ্যোক্তাসকলে হৰিমন্দিৰৰ দুঠাইত কৰ্মশালাখন অনুষ্ঠিত কৰিবলৈ বাধ্য হয়।

কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ দিহানামৰ বিশিষ্ট প্ৰশিক্ষক বানী পাঠক আৰু নলবাৰীৰ বিষ্ণু কিংকৰ কাকতিয়ে। শুকুৰবাৰে দুপৰীয়া অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে দিহানাম অভ্যৰ্থনা সমিতিৰ সভাপতি যতীন ৰাজবংশীয়ে। দিহানাম সমিতিৰ সভানেত্ৰী নিলিমা ৰাজবংশীয়ে সঞ্চালনা কৰা সভাখনৰ আঁত ধৰে বিজুলী ৰাজবংশী আৰু উষা দেৱীয়ে।

সামৰণি অনুষ্ঠানত দিহানামৰ প্ৰশিক্ষণ গ্রহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ উদ্দেশ্য কৰি ভাষণ দিয়ে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সাধাৰণ সম্পাদক নগেন ডেকা, পুলেন পাঠক, প্ৰশিক্ষক বাণী পাঠক আৰু বিষ্ণু কিংকৰ কাকতিয়ে। সামৰণি অনুষ্ঠানত আমন্ত্ৰণিত অতিথিৰ আসন অলংকৃত কৰে হৰিমন্দিৰ সমিতিৰ উপ- সভাপতি বানেশ্বৰ দাস, জ্যেষ্ঠ সাংবাদিক বীৰেন কলিতা, অসম ভেলী একাডেমী, নলবাৰীৰ প্ৰৱক্তা তথা সাংবাদিক শশাংক শৰ্মা, শিক্ষাব্ৰতী পুলেন মজুমদাৰে।

কৰ্মশালা খনৰ সামগ্ৰীক পৰিচালনা কৰে নৰেন দাস, পুলেন ৰাজবংশী, দীপক ৰাজবংশী, শক্তি প্ৰসাদ ডেকা আদিয়ে। উল্লেখ্য কৰ্মশালাৰ শেষত সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত দিহানাম কৰ্মশালাৰ সামৰণি...
প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in