প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা...

প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা

author-image
Asomiya Pratidin
New Update
প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা...

ডিজিটেল সংবাদ, গোলাঘাটঃ যোৱা ২ জুলাইত তেজপুৰত অনুষ্ঠিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া ১৬ জনীয়া লোকসভা ব্যৱস্থাপনা গোটৰ এখন সভা শুকুৰবাৰে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত হয়। আপ অসমৰ উপ-সভাপতি ৰাজীৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মিডিয়া তত্ত্বাৱধায়ক হেমন্ত ফুকন আৰু সাংগঠনিক সম্পাদক ভৈৰৱ গগৈও উপস্থিত থাকে।

Advertisment

সভাখনত আম আদমি পাৰ্টীৰ প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় শক্তিৰ সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰিবলৈ কৰ্মপন্থা নিৰ্ধাৰণ কৰা হয়। উল্লেখ্য যে, ১৬জনীয়া গোটটোৱে অহা ৩১ জুলাইৰ ভিতৰত ইয়াৰ প্ৰতিবেদন ৰাজ্যিক সমিতিক জমা দিব লাগিব।

সভাৰ অন্তত উপ-সভাপতি ৰাজীৱ শইকীয়াই কয় যে, 'বিজেপিৰ ভ্ৰষ্টচাৰী চৰকাৰখনতক ক্ষমতাচ্যুত কৰি বিৰোধী ঐক্যৰ প্ৰাৰ্থীক কাজিৰঙা সমষ্টিৰ পৰা জয়যুক্ত কৰিবৰ বাবে আম আদমি পাৰ্টীয়ে দলৰ সমস্ত শক্তি প্ৰয়োগ কৰিব।' তেওঁ লগতে সমষ্টিটোৰ ভোটাৰকো বিৰোধী ঐক্য 'ইণ্ডিয়া'ৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

Also Read: হাফলঙত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন থিয়েটাৰ শিবিৰ...

aam aadmi party assam aap assam