পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

author-image
Asomiya Pratidin
New Update
২৪ ছেপ্টেম্বৰত ড্ৰাই দে' ঘোষণা...

city murder

ডিজিটেল সংবাদ, নলবাৰীঃ পবিত্ৰ ৰমজান মাহৰ দ্বিতীয় দিনটোতেই বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ বিলপাৰত সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড। পুত্ৰৰ হাতত প্ৰাণ গ'ল মমতাময়ী বৃদ্ধা মাতৃৰ । বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই জঘন্য ঘটনা।  ৬০ বছৰীয়া বৃদ্ধা মাতৃ ফুলবানুক নিজ পুত্ৰ চানমহম্মদ খানে এডাল বাঁহৰ টাঙোনেৰে মৰিয়াই মৰিয়াই কৰিলে হত্যা।এই ঘটনাই সৰ্থেবাৰীৰ  মাজদিয়াত  চাঞ্চল্যৰ  সৃষ্টি কৰিছে। হত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও প্ৰায়ে হত্যাকাৰী পুত্ৰ চানমহম্মদে নিচাসক্ত হৈ থকা বুলি জানিব পৰা গৈছে।

Advertisment

ঘটনাৰ পিছতেই ২৪ বছৰীয়া চানমহম্মদ খানক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰ, মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত ডেকা, তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাসহ আৰক্ষীৰ এটি দল উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশ ৰিমা কৌশিকৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰা হয়।

Also Read: এখন আদৰ্শ মহাবিদ্যালয়ঃ প্ৰতি বুধবাৰে পৰিধান কৰে জাতীয় সাজ

nalbari murder case