
ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ মুকালমুৱাৰ নাৰায়ণপুৰ গাঁৱত থকা ৩৬নং অংগনৱাড়ী কেন্দ্ৰটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰি মঙলবাৰে আদৰ্শ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলগীয়া আদৰ্শ কেন্দ্ৰটোৰ শিলান্যাস কৰে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলীয়ে ৷
নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত থকা ৩৬ নং অংগনৱাড়ী কেন্দ্ৰটো চৰকাৰে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰাত মঙ্গলবাৰে শিলান্যাস কৰা হয় ৷ বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া শিৱানী বৰা আৰু নাৰায়নপুৰ গাঁৱৰ ৰাইজৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে কেন্দ্ৰটোৰ শিলান্যাস কৰা হয় ৷ অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক মহচেৰউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় আধাৰশিলা স্থাপনৰ সভা ৷
সভাত খণ্ড উন্নয়ন বিষয়া বাপধন আলীয়ে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ পৰা অঞ্চলটোৰ শিশু সকলে শিক্ষাগ্ৰহণৰ আদিপাঠৰ পৰাই এটি সুস্থ আৰু শৈক্ষিক পৰিৱেশ লাভ কৰিব বুলি মন্তব্য কৰে ৷ সভাত বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া শিৱানী বৰাই ভাষণ প্ৰসংগত শিক্ষাৰ ক্ষেত্ৰত অসমত সুন্দৰ প্ৰচেষ্টা আৰু পৰিৱেশ গঢ়ি উঠা বুলি কয় ৷
আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ সমূহৰ পৰাই শিশুসকলে শিক্ষা আহৰণ আৰু জীৱন গঢ়াত উদগণি পাব বুলি কয় ৷ আধাৰশিলা অনুষ্ঠানত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ দুগৰাকী অভিযন্তাকে ধৰি নাৰায়নপুৰ গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে ৷