ধেমাজিৰ দৈনিক পুৰণি বজাৰত অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী নষ্ট

ধেমাজিৰ দৈনিক পুৰণি বজাৰত অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী নষ্ট

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ দৈনিক পুৰণি বজাৰত অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী নষ্ট

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা দৈনিক পুৰণি বজাৰখনত ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে বজাৰখনৰ ওপৰ মহলাৰ গুদামঘৰত জুই লাগে।

Advertisment

জানিব পৰা মতে বিয়লি প্ৰায় ১.১৫ মান বজাত জুই লাগে যদিও বিয়লি ৪ বজাৰ পৰ্যন্ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নোমোৱাবলৈ সক্ষম হোৱা নাছিল । বজাখনৰ ব্যৱসায়ী এগৰাকীয়ে জনোৱা অনুসৰি অগ্নিনিৰ্বাপক বাহিনীক ঘটনাৰ লগে লগে খবৰ দিছিল যদিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

উল্লেখ্য যে পিছত বহু সময় পলমকৈ গাড়ী আহি পায়হি যদিও প্ৰথম গাড়ীখনে পোন্ধৰ মিনিটমান পানী দিয়া পিছতে পানী শেষ হৈ যায় ৷ ফলত আৰু বেছিকৈ জুই জ্বলিবলৈ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত তৎতাতৈয়াকৈ আকৌ গাড়ীত পানী ভৰাই আনিহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

শ্বৰ্টছাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ লাখ লাখ টকাৰ সা-সামগ্ৰী নষ্ট হৈ যায়।

Also Read: মণিপুৰৰ ম্যানমাৰ সীমান্তত আৰক্ষী বিষয়াক গুলীয়াই হত্যা

fire