/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2fe8a13f-9b01-4acf-b88c-3d2fe6766fab/308.jpg)
ডিজিটেল সংবাদ,দুমুনিচকী : বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতকুছি গাঁও পঞ্চায়তৰ মালিবাৰী গাঁৱৰ উত্তৰ চুবুৰীত নামঘৰৰ সন্মুখত ৰাজহুৱা মঞ্চ নিৰ্মাণ কৰা বিষয়ক কেন্দ্ৰ কৰি চুবুৰিটোৰ সমাজখন দুটা ভাগত বিভক্ত হ'বলগীয়া হৈছিল। ইয়াৰ পিছতে এইবাৰ পঞ্চায়তৰ সভানেত্ৰীয়ে আন লোকৰ ভূমিৰ ওপৰেদি মালিবাৰী পূব কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়লৈ যাতায়ত কৰা পথ নিৰ্মাণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b1a04eac-3e06-4914-9cf6-8d46fa8262be/0f110c56_6065_4c6c_a9ef_9e42fc541ed0.jpg)
বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতকুছি গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে এটাৰ পিছত আনটোকৈ সংঘটিত কৰা এনে হঠকাৰী কাণ্ডই চকু কপাল তুলিছে সচেতন ৰাইজৰ। বিষয় সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি শালমাৰা-আন্ধেৰিঘাট গড়কাপ্তানী পথৰ পৰা মালিবাৰী পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় ১০০ মিটাৰ পথ পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ বাবে ২০২২-২৩ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় ৩ লাখ ৫০ হাজাৰ টকা আবন্টন দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/74d83a49-389b-450b-b5ef-688534cdcda6/be2ba256_9e19_49eb_9c6d_9b9228c63171.jpg)
কিন্তু ১৯৭০ চনতে প্ৰতিষ্ঠা লাভ কৰা মালিবাৰী পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ পিছতো বৰ্তমানেও চৌহদ চিনাক্ত নোহোৱাৰ সুযোগ গ্ৰহণ কৰে পঞ্চায়তখনৰ সভানেত্ৰীয়ে। সেই মৰ্মে আঁচনি ৰূপায়নৰ নামত কৌশলেৰে আবন্টিত ধন কুক্ষিগত কৰাৰ বাবে তৎপৰ হৈ থকা গাঁও পঞ্চায়তখনৰ সভানেত্ৰীয়ে ভুমিৰ পৰিসীমা অথবা ভুমিৰ অবস্থান সম্পৰ্কে তথ্য সংগ্ৰহৰ প্ৰয়োজনবোধ নকৰাকৈ পথ নিৰ্মাণৰ বাবে যেনি-তেনি মাটি পেলোৱাৰ পিছত ভূমিৰ গৰাকীয়ে পথ নিৰ্মাণ কাৰ্য্যত হস্তক্ষেপ কৰিব লগীয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0fe455ae-46e8-4b26-a4ca-91f208e07db8/1c110ed3_0937_405b_ac3a_5b39f6c625ff.jpg)
আনহাতে ১৯৭০ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ অকৰ্মণ্য কৰ্তৃপক্ষই বৰ্তমান সময়লৈকে চৌহদ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলস্বৰূপে বিদ্যালয়লৈ যাতায়ত কৰা পথটোৰ লগতে বিদ্যালয়খনৰ চৌহদৰ পূৰ্বৰ চাৰিসীমাৰ তুলনাত বৰ্তমানৰ চাৰিসীমাৰ অলপো সাদৃশ্য নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/dc49f27b-77a2-4a96-930b-b02683477072/c914c4f0_542f_41ba_aee3_dfe82464320f.jpg)
উল্লেখযোগ্য যে বিদ্যালয়খনত অধ্যয়ন কৰা কেইবাগৰাকী ছাত্ৰই একেখন বিদ্যালয়তে শিক্ষকতা কৰাৰ সুযোগ লাভ কৰি বৰ্তমান অৱসৰ গ্ৰহণ কৰে যদিও আজিলৈকে বিদ্যালয়খনৰ চৌহদ চিনাক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল এয়াই নহয়- মালিবাৰী পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি একেখন বিদ্যালয়তে শিক্ষকতা কৰাৰ সুযোগ লাভ কৰি বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ নাথ নামৰ এজন প্ৰধান শিক্ষকে বিদ্যালয়খনৰ চৌহদ চিনাক্ত কৰা দূৰৰ কথা । আনকি তাৰ বিপৰীতে সাধাৰণ সভা অবিহনেই বিদ্যালয়ৰ ভূমি পৈত্ৰিক সম্পত্তিৰ দৰে অন্য অনুষ্ঠানক প্ৰদান কৰাৰ তথ্য লাভ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9339a456-60d6-440e-a20e-a5b23fd43b7b/20b4bd40_482b_43ee_a95c_3e4b01f9cc08.jpg)
উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয়খনৰ প্ৰতি অৱহেলা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে। যাৰ বাবেই বিদ্যালয়লৈ যাতায়ত কৰা নৱনিৰ্মিত পথটো সম্প্ৰতি বহল কৰাৰ প্ৰয়োজন হোৱাত দুয়োটা দিশে বহলোৱাৰ পৰিৱৰ্তে পঞ্চায়তৰ সভানেত্ৰীয়ে সুযোগ গ্ৰহণ কৰি একেটা দিশে আন লোকৰ খেতি পথাৰৰ ভূমিৰ ওপৰেদি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ফলত বিষয় সন্দৰ্ভত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Also Read: কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি