ৰাজ্যত পুনৰ নিৰূদ্দেশৰ ঘটনা

ৰাজ্যত পুনৰ নিৰূদ্দেশৰ ঘটনা

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষী থানা অন্তৰ্গত ৰায়পুৰ গাৱঁৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধা মৃত মামুদ আলী পূত্ৰ জুব্বাৰ আলীয়ে বৰপেটা জিলা বহৰি হৰিপুৰ চকপাৰা খবিৰ মুল্লা ঘৰৰপৰা আনুমানিক ৰাতি চাৰি বজাত নিখোজ হয়।

জানিব পৰা মতে বহৰি হৰিপুৰ চকপাৰা খবিৰ মুল্লা ঘৰত বিয়া খাবলৈ গৈছিল । মানসিক ৰোগী জুব্বাৰ আলী ৰাতি চাৰি বজাৰ পৰা নিখোজ হৈ আছে। তিনিদিন ধৰি নিখোজ হৈ থকা জুব্বাৰ আলীয়ে ভালকৈ কথা ক'ব নোৱাৰে আৰু চকুয়ে ভালকৈ নেদেখে।

আজিলৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে। পিছত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ লোৱাৰ পিছতো কোনো সন্ধান নোপোৱাত বহৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে ঘৰৰ পৰা উলাই যোৱাৰ সময়ত বৃদ্ধাৰ জুব্বাৰ আলীৰ পিন্ধনত আকাশী ৰঙৰ লংগী কলা জেকেট আছিল বুলি পৰিয়ালে উল্লেখ কৰিছে। বৃদ্ধাজনৰ উচ্চতা ৫ ফুটতকৈ ওখ আৰু দেখাত শাম বৰণীয়া।

অৱশেষত সাংবাদ মাধ্যমৰ আগত ৰাজ্যবাসীক কাতৰ আহ্বান পৰিয়ালৰ লোকৰ। কোনো সদাসয় ব্যক্তিয়ে বৃদ্ধাজনৰ সন্ধান পালে ৮৪৭১৮৪৬৪৬০/৮১৩৫৮৯০২৭৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়।

ৰাজ্যত পুনৰ নিৰূদ্দেশৰ ঘটনা
ঋণ দিয়াৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ টকা লুণ্ঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in