সৰভোগত শিল্পীৰ বাহনত শিলগুটি মাৰি দুৰ্বৃত্তই ভাগিলে আইনা

সৰভোগত শিল্পীৰ বাহনত শিলগুটি মাৰি দুৰ্বৃত্তই ভাগিলে আইনা

author-image
Asomiya Pratidin
New Update
সৰভোগত শিল্পীৰ বাহনত শিলগুটি মাৰি দুৰ্বৃত্তই ভাগিলে আইনা

ডিজিটেল সংবাদ,সৰভোগ : সৰভোগৰ জামাদাৰবড়ীত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শিল্পীৰ বাহনত শিলগুটি মাৰি দুৰ্বৃত্তই ভাগিলে আইনা। জানিব পৰামতে, অচিনাকি কোনো দুৰ্বৃত্তই শিল্পী প্ৰিয়ংকা কলিতাৰ বাহনখনলৈ শিলগুটি দলিয়াই আইনা ভঙাৰ উপৰি বাহনখন লণ্ড- ভণ্ড কৰে।

Advertisment

উল্লেখ্য যে, সৰভোগৰ জামাদাৰবড়ী আজান পীৰ মাছুম মডেল একাডেমীৰ বাৰ্ষিক সপ্তাহৰ কাৰ্য্যসূচীৰ অন্তিমটো দিনত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহিছিল গায়িকা প্ৰিয়ংকা কলিতা। অনুষ্ঠান সামৰি শিল্পীগৰাকীয়ে উক্ত দৃশ্য প্ৰত্যক্ষ কৰে। গাড়ীখন নম্বৰ হৈছে AS- 14 M 0560। গায়িকা প্ৰিয়ংকা কলিতাই এই কাৰ্য্য দেখি দুখ প্ৰকাশ কৰে ।

Also Read: দৰঙত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

sorbhog Assam police