/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5676d9fa-a64a-49c4-9094-6cfe8787fd34/237.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : ৰাজ্যৰ বিভিন্ন স্থানত পথ সুৰক্ষা সচেতনতা বিষয়ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবদ্য সোমবাৰে আহি দৰং জিলাৰ ছিপাঝাৰত উপস্থিত হয়। ছিপাঝাৰতো মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা বিষয়ক এক বাইক ৰেলীত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b6203246-b5af-449f-b1f2-712244c3c62a/ffed5d42_57ad_4386_b329_75624a732f36.jpg)
পৰিবহন বিভাগে ছিপাঝাৰৰ বাছ আস্থানত আয়োজন কৰা এক কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদগতিৰ কামনাৰে বন্তি প্ৰজ্বলন কৰে আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে পথ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধিৰ বিশেষ প্ৰয়োজন। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰা, যানবাহন চলাই থকা অৱস্থাত মোবাইল ফোনৰ ব্যৱহাৰ পৰিহাৰ কৰা, সুৰাসক্ত হৈ গাড়ী চলোৱাৰ পৰা বিৰত থকা, গাড়ী চলাওতে ছীটবেল্ট ব্যৱহাৰ কৰা, দ্ৰুত গতি পৰিহাৰ কৰা আদিৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0e259236-3e77-4519-841b-df3a3713bc23/721ab828_1c42_4c99_a659_6bac4561b549.jpg)
তেওঁ কয় যে পথ সুৰক্ষা বিষয়ক সচেতনতাই পথ দুৰ্ঘটনা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। পৰিবহন বিভাগে আয়োজন কৰা এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়।
আজি পৰিবহন বিভাগে ছিপাঝাৰত আয়োজন কৰা এই অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেও উপস্থিত আছিল ।
Also Read: ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আয়োজন